জুবিন
ৰঞ্জন বৰ্মন
বগীনদী, লখিমপুৰ
আগ্নিযুগৰ এটি ফিৰিঙতিৰ নাম - জুবিন
অন্যায়ৰ বিৰুদ্ধে গৰজি উঠা এটি বজ্ৰ কণ্ঠৰ নাম - জুবিন
ৰাতিৰ আন্ধাৰবোৰ হুৰাই পুব আকাশত উদিত
এটি ৰক্তিম সূৰ্যৰ নাম - জুবিন
মানুহৰ ওঁঠে ওঁঠে বাজি থকা এটি গীতৰ নাম - জুবিন
মানুহৰ হৃদয়ে হৃদয়ে বৈ থকা মানৱতাৰ এখন নৈৰ নাম – জুবিন
ৰদ বৰষুণ ধুমুহাটো হালি নপৰা এটি সত্বাৰ নাম – জুবিন
মাতৃকোলাৰ শিশুৰ অকৃত্ৰিম সৰলতাৰ নাম - জুবিন
পুৱাৰ ৰদে ধুই দিয়া ফুলৰ পবিত্ৰতাৰ নাম - জুবিন
আকাশতকৈ ওখ আৰু সাগৰতকৈও বিশাল
এখন হৃদয়ৰ নাম – জুবিন
অসহায় আৰ্তজনৰ বুকুৰ শেষকণ সাহসৰ নাম - জুবিন
মোৰ ৰক্ত ধমনিতো তুমি সুৰ এটি হৈ বাজি আছা
পুৱাৰ প্ৰাতঃভ্ৰমণত
আবেলিৰ চাহকাপত মূৰ্ত হৈ উঠিছা
ভুল নুবুজিবা জুবিন দা
আঙুলিৰ ফাঁকেৰে সৰি পৰা এই দুঃসময়ত
ফুল চন্দনেৰে বিদায় জনাব নোৱাৰো তোমাক

No comments:
Post a Comment