জুবিন নামৰ সূৰ্য এটা
ইলামণি শইকীয়া
এক-
সূৰ্যটোৱে ডুব মাৰিলে
সাগৰত
সাগৰ সুখী হ’ল
সকলোৱে ক’লে বুৰ গ’ল সূৰ্য
(আচলতে) সাগৰে ঘৰ এখন মহাপ্ৰলয়ৰ আগতেই সাজি থৈছিল সূৰ্যলৈ
সূৰ্য এতিয়া মাটিৰ দেহা এৰি পানীৰ প্ৰিয় হ’ল
দুই-
মানুহবোৰ উঠিছে এতিয়া
জাগিছে
জগাইছে
কোৱাৰ সময় নহয় এয়া
লিখাৰ সময় নহয়
এয়া কেৱল শিপা চিনাৰ সময়
এয়া কেৱল মায়াবী সুৰ এটাত মগ্ন হোৱাৰ সময়
তিনি-
বহুদূৰ বাটকুৰি বালে তেওঁ
এতিয়া নিয়তিৰ বিধানৰ ছাঁত এধানি জিৰাইছে
ইমানদিনে মানুহৰ ভিৰত নিজক চাবলৈ সময় নোপোৱা মানুহজনে
এবাৰ হেঁপাহ পলুৱাই নিজক চাইছে
চাৰি-
আকাশ ধিয়াই গৈ থকা পৰ্যটকজনক
মাটিৰ মানুহে দুহাত তুলি বিদায় জনাইছে
প্ৰত্যেকৰে বুকুত তেওঁৰ বাবে সুকীয়া এখন ঘৰ তেওঁ কাহানিবাই সাজি থৈ দিছে
তেওঁ ছাগে আকৌ আহিব ঘূৰি!
পাঁচ-
‘মায়াবিনীৰ ৰাতিৰ বুকুত’ তেওঁ আছে
থাকিব
তেওঁ থকালৈকে পৃথিৱীৰ চুকে-কোণে এখিনি প্ৰাণৰ
কীৰিতি জ্বিলিকিব
(জুবিনদা তোমালৈ)

No comments:
Post a Comment