জুবিন নামৰ সূৰ্য এটা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

জুবিন নামৰ সূৰ্য এটা

 

জুবিন নামৰ সূৰ্য এটা


                                   ইলামণি শইকীয়া


এক-

সূৰ্যটোৱে ডুব মাৰিলে

 সাগৰত

সাগৰ সুখী হ’ল

সকলোৱে ক’লে বুৰ গ’ল সূৰ্য

(আচলতে) সাগৰে ঘৰ এখন মহাপ্ৰলয়ৰ আগতেই সাজি থৈছিল সূৰ্যলৈ

সূৰ্য এতিয়া মাটিৰ দেহা এৰি পানীৰ প্ৰিয় হ’ল


দুই-

মানুহবোৰ উঠিছে এতিয়া

জাগিছে

জগাইছে

কোৱাৰ সময় নহয় এয়া

লিখাৰ সময় নহয় 

এয়া কেৱল শিপা চিনাৰ সময়

এয়া কেৱল মায়াবী সুৰ এটাত মগ্ন হোৱাৰ সময়


তিনি-

বহুদূৰ বাটকুৰি বালে তেওঁ 

এতিয়া নিয়তিৰ বিধানৰ ছাঁত এধানি জিৰাইছে

ইমানদিনে মানুহৰ ভিৰত নিজক চাবলৈ সময় নোপোৱা মানুহজনে

এবাৰ হেঁপাহ পলুৱাই  নিজক চাইছে


চাৰি-

আকাশ ধিয়াই গৈ থকা পৰ্যটকজনক

মাটিৰ মানুহে দুহাত তুলি বিদায় জনাইছে

প্ৰত্যেকৰে বুকুত তেওঁৰ বাবে সুকীয়া এখন ঘৰ তেওঁ কাহানিবাই সাজি থৈ দিছে

তেওঁ ছাগে আকৌ আহিব ঘূৰি!


পাঁচ-

‘মায়াবিনীৰ ৰাতিৰ বুকুত’ তেওঁ আছে

 থাকিব

তেওঁ থকালৈকে পৃথিৱীৰ চুকে-কোণে এখিনি প্ৰাণৰ

কীৰিতি জ্বিলিকিব


(জুবিনদা তোমালৈ)


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages