কি জেঙেৰে ভেটিব মনৰ বাট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

কি জেঙেৰে ভেটিব মনৰ বাট

 

কি জেঙেৰে ভেটিব মনৰ বাট


ৰূপা গগৈ


বিদায় বুলি ক’লেও আপুনি

নোৱাৰোঁ দিব মই বিদায়

সেইবাবেই মনৰ দুৱাৰ খুলি সদায় জনাওঁ আপোনাক স্বাগতম।


আপুনি বেয়া পাওঁ বুলিলেও

নোৱাৰোঁ আপোনাক পাবলৈ বেয়া

কাৰণ নিজতকৈ ভাল পাই পেলালোঁ যে আপোনাক।


আপুনি মোক বেয়া পাব পৰাটো আপোনাৰ মনৰ সুখ

আৰু আপুনি বেয়া পোৱাৰ পাছতো 

আপোনাক ভাল পাই থকাটো মই কৰিব পাৰোঁ গৌৰৱ

কাৰণ শূন্য যদিও মোৰ দুহাত

তথাপি নিঃস্বাৰ্থ মৰম যাঁচিবলৈ মোৰ যে এখন হৃদয় আছে 

কিন্তু, আপোনাৰ সকলো আছে 

অথচ এখন হৃদয় নাই

আৱেগ, অনুভূতি

মৰম-চেনেহক বুজিব পৰাকৈ।


আপুনি নামাতে নাই 

নালাগে দিব মাত

আপুনি নাচায় মোলৈ

নাই, নালাগে চাব

নাই কোনো ওজৰ-আপত্তি আপোনাৰ ওচৰত

নকৰোঁ কেতিয়াও অভিযোগ, অভিমান

ইমানৰ পাছতো নকমে মোৰ ভালপোৱাৰ মান।


আপোনাৰ কাষলৈ যোৱাৰ 

ভেটিব পাৰিব সকলো বাট জেং-জোঙ লৈ

কিন্তু মনৰ বাট ভেটিব কি জেঙেৰে!


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages