ভগ্ন হৃদয়
লহৰজ্যোতি মৰাণ
আধা ভঙা কবিতা বোৰে
সিঁচি দিব পাৰিব জানো,
প্ৰেমৰ ৰঙে মৰম দিয়া
তোমাৰ হৃদয়ৰ সুৰত।
তুমি দুচকুত চকু মুদি
দুগালত আঁকি লোৱা চুমা,
জীৱনে বিচাৰে জানো,
নীৰৱ ব্যাকুলতা।
প্ৰতিটো অক্ষৰৰ মাজত
তোমাৰ সোঁতৰ নিদ্রাহীন নিশা,
প্ৰতিটো হিয়াৰ ধ্বনিত
ভাঙি পৰে অপুৰ্ণ প্ৰেমৰ সুৰ।
মই বিচাৰো মাথোঁ—
তোমাৰ মিঠা যাতনা,
যিয়ে মোৰ কবিতাক
অমৰ কৰি তোলে।
প্ৰেমৰ মঞ্চত
আমি দুয়ো অভিনেতা,
কিন্তু দৃশ্যৰ অন্ত্যত
তুমি আঁতৰিলে,
মই এৰি ৰ’লো—
ভগ্ন হৃদয় খনি লৈ।
হয়তো এই বেদনা
প্ৰেমৰ সঁচা ৰূপ,
হয়তো মৰমেই
ভগ্নতা কৰি তোলে সুন্দৰ।
মই সপোনত দেখোঁ—
তুমি আহিবা,
অপূৰ্ণ কবিতাৰ পাতত
শুভ্ৰ হাতৰে লিখিবা
মোৰ তেজেৰে কবিতাৰ শাৰী।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫
.jpg)

No comments:
Post a Comment