এতিয়া মই সুখী
দীপালী বৰুৱা
উত্তৰ লক্ষীমপুৰ
হীনমন্যতা নামৰ জোঙা জোঙা নখ থকা হাতোৰা এখনে
আত্মবিশ্বাসহীনতাৰ দেৱাল এখন দিছিল মোৰ চাৰিওফালে
শিল হৈ পৰিছিলো মই !
মোক ক্ষত- বিক্ষত কৰা
বতাহবোৰৰ স’তে যুঁজিছিলো
মৰণপণ যুঁজ !
যুঁজত
মই জিকিলো
দীঘল কৈ উশাহ লৈ
ওফৰাই পেলালো সকলো।
শিলতে এতিয়া মই
গছ হৈ গজি উঠিছোঁ
এজোপা শিল গছ !
নিজক পাৰ হৈ শিলৰ স’তে হোৱা
আত্মাৰ বন্ধুত্বত এতিয়া মই সুখী।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫


No comments:
Post a Comment