জীৱনৰ সংজ্ঞা কি
প্ৰসন্ন তালুকদাৰ
গুৱাহাটী
জীৱনৰ সংজ্ঞা বিচাৰি,
ব্যগ্ৰ মোৰ মন !
সময় আৰু
ঘড়ীৰ কাঁটা ডালৰ ঠিকনা সৈতে
ইমান দিনে জীৱন সজালোঁ !
পালোঁ কি
হেৰোৱালোঁ কি
মৰম-চেনেহৰ পৰিধি বিচাৰি
দেখোন
আজি থমকি ৰৱ লগা হ’ল
জ্বলি উঠা এটি ফিৰিঙতিৰ সৈতে!
প্ৰথম প্ৰেৰণা তুমিয়েতো আছিলা
তোমাৰ বাখৰুৱা ভাৱনাবোৰত
মামৰৰ প্ৰলেপ নপৰা হ’লে
কিমান যে সুখৰ আছিল।
জীৱনৰ প্ৰতিশ্ৰুতি বোৰ
মনত পৰে নে
আমাৰ প্ৰথম সুখৰ মাধুৰীৰ কথা,
প্ৰহেলিকা হৈ নামি আহিছিল
আমাৰ প্ৰজাটি পোহৰ কৰি।
এতিয়া
তাইৰ বাবে মই অজান হ’লেও
তাই যে মোৰ বুকুৰ আমঠু
দ্বিতীয় প্ৰহেলিকা আজিও মোৰ
তেজে তেজে শিৰে শিৰে।
মাথোঁ তোমাৰ অকণমান
ভুলৰ বাবেই
তুমি মই বহুত দূৰত অ’ নৱলেখা !
তোমাৰ হাতৰ পৰশ আজিও
মোৰ বাবে স্বৰ্গীয়,
জীৱনৰ সংজ্ঞা বিচাৰি যদি
তুমি হাবাথুৰি খালা হয়
কেতিয়াও সমাধি খান্দিব লগীয়া
নহ’ল হয়
জীৱন আৰু সংসাৰৰ মৌ বনত।
তাৰ বাবেই আজিও বুজি নাপালোঁ
জীৱনৰ সংজ্ঞা কি ??

No comments:
Post a Comment