যুক্তিয়ে নিদিয়ে শক্তি
অৰ্চনা ঠাকুৰীয়া
নীমিলিত নয়নেৰে বান্ধৱ উদ্ধৱে মাধৱক ক’লে,
সখা, ধৰ্মনো কি
- প্ৰকৃতিৰ আইন মানি চলাটোৱেই ধৰ্ম
- আকৌ ভাল মানুহনো কোন
- যিয়ে নিজ চৰিত্ৰৰ পৰা বেয়াবোৰ বাদ দিয়ে
কথাবোৰ চলি থাকে
মোৰ কৰ্ণ কুহৰেদি অনুৰণিত হয়
শব্দ ব্ৰহ্মৰ জলদ নীৰ
বুকুত বাজে দেৱ দুন্দুভি
আখৰা কৰোঁ ধাৰ্মিক হোৱাৰ,
মানুহ হোৱাৰ।
মন চঞ্চল
মনক সপোঁ মনমোহনত
ধাৰ্মিক হ’ব খুজিলে মই
প্ৰতিখিলা পাতৰ পৰাই ধুলিবোৰ মচি দিওঁ
প্ৰতিটো জীৱৰ প্ৰতি যতনাই ৰাখোঁ ভালপোৱাৰ সঞ্জীৱন
মুখা আঁতৰাই মোৰ দৃষ্টিৰে মই চাও ‘মোক’
মৰমতো নপমা মোৰ দুখে
মোক দিয়ে অনন্ত দৃষ্টি
যুক্তিয়ে নিদিয়ে শক্তি
শূন্যতা হৃদয়ৰ প্ৰথমখন দুৱাৰ
মানুহবোৰ ‘মানুহ’ৰ পৰা বিচ্ছিন্ন নোহোৱাহেঁতেন….
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫
No comments:
Post a Comment