শৰীৰৰ শিলালেখ
বিশ্বজিৎ শইকীয়া
শুই থকা গাঁওখনে টোপনিত এটা কুৱা খান্দিছিল
গাঁওখনৰ মানুহবোৰে সেই কুৱাটোৰ পানী খাই গুচাই পিয়াহ
কুৱাটোৱে পিয়াহত গাঁওখনৰ মানুহ খাই
এদিন কুৱাটোৰ পৰা নিজে নিজে উঠি আহিল এচটা শিল
গাঁওখনৰ দুজনী তিৰোতাৰ গা স্বৰ্গৰ দেৱতাই বেদখল কৰি
শিলচটাৰ ব্যাখ্যা দিছে -
চমৎকাৰ! চমৎকাৰ!
“শিলচটাত দুটা মানুহৰ শৰীৰৰ অবয়ৱ
শুই থকা মানুহজনৰ নাভিত এজোপা গছ
আৰু গছজোপাত আন এটা মানুহৰ চিত্ৰ”
গাঁওখনৰ গৰখীয়া এজনে এপিগ্ৰাফাৰৰ দৰে ব্যাখ্যা দিছে-
“দুয়োটা শৰীৰৰ বানান একেই”
কুটুমে কুটুম খাই
বঙহে মঙহ খাই
গৰখীয়াক কোনে খাই
শুই থকা গাঁওখনে সাৰ পাই এবাৰো সোধা নাই
গৰখীয়াটো ক’লৈ গ’ল?
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫
No comments:
Post a Comment