শাৰদী মাজুলী
শ্যামন্ত পায়েং
জানোচা শৰৎ মাজুলীৰে দুহিতা!
শ্বেত শিৰোজ লৈ নদীৰ পাৰত মাকৰ প্ৰতীক্ষা
ঋতুৰাণী ঘৰলৈ আহিছে
দুবৰিত জ্যোৎস্নামণি সিঁচি
চোতালত শেৱালিৰ দলিচা পাৰি
পূৰ্ণ প্ৰস্তুতি ঋতুৰাণীক আদৰাৰ
হয়তো শৰতে মলিনতা বেয়া পাই বাবেই
আকাশখন নিৰ্মেঘ। নদীৰ পানীবোৰ নিৰ্মল।
ঠন ধৰি উঠে মৃতপ্ৰায় লুংলুঙীয়া বাট-পথ।
এই মুহূৰ্তত ক’ত হেৰাই মানুহৰ কৃচ্ছ্ৰ অথবা অনাটন!
এয়া সগৰ্ভা পথাৰৰ আস্থা, নে শৰতৰ চমৎকাৰ?
সৌৱা, মৃদু চেঁচা বতাহ যানত উঠি ঋতুৰাণী আহিছে
লগত উৎসৱ-পাৰ্বনৰ মেদভৰা সম্ভাৰ লৈ।
তাকে জানি অশান্ত কৃষ্ণ গোঁসাইৰ গাত তৎ হেৰুৱাই
মৰতলৈ ঢপলিয়াই আহিছে বৃন্দাবন দাঙি
পূৰ্ণ জোনটো য’ত ফুলিব, ঠিক তাৰ তলতে
ঠিক তাৰ তলতে কৃষ্ণয়ে বাঁহীৰ মূৰ্চ্ছনাত আবেদন তুলিব
তাকে শুনি হয়তো ব্যাকুল ৰাধাজনীয়ে গাব―
“আহা সখী হে মাজুলীলৈ যাওঁ,
মাজুলীৰে শৰততে কৃষ্ণ গোঁসাইক পাম।”

No comments:
Post a Comment