ভূপেন দা আৰু নাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

ভূপেন দা আৰু নাই

 

ভূপেন দা আৰু নাই

(ডঃ ভূপেন হাজৰিকা দেৱৰ মৃত্যু দিৱস উপলক্ষে)


                                        নাছিৰ আহমেদ 

                            শিমলাবাৰী, গোৱালপাৰা


 পছোৱা বতাহে বিনাই বিনাই কয়ঃ

ভূপেন দা আৰু নাই।


বিষণ্ণ নিজৰাৰ পাৰত মৰমৰ জলি’টি 

মাটিত মূৰ গুজি কোঁ কোঁৱাই উঠিল।

ছিলঙৰ ওখ গছৰ আঁৰে আঁৰে 

মনালিছাৰ বিদেহ আত্মাই

নিয়ৰ-সিক্ত সজল আঁখিৰে

ফেঁকুৰি ফেঁকুৰি কয় —

ভূপেন দা আৰু নাই।

মোম্বাইৰ আকাশত শোকৰ ছাঁ

কল্পনাৰ স্বপ্নৰ কাৰেং ঘৰ

এটি থুনুকা কাঁচঘৰ হ’ল!

পশ্চিমৰ আকাশত ক'লীয়া ডাৱৰ

প্ৰিয়মৰ দুগালেদি অশ্ৰুৰ আকাশী গঙ্গা —

ভূপেন দা আৰু নাই।


এই উঁচুপনি ক্ৰমান্বয়ে বাঢ়ি গ’ল

গঙ্গাৰ পৰা ভল্গাৰ পাৰলৈ

টেমচ নদীৰ পাৰাপাৰ ভাঙি

পদ্দাৰ বুকুত ধুমুহা নামিল!


ভূপেন দা আৰু নাই;

যি ভূপেন দাই গালে গান আৰু গান

অগ্নিযুগৰ ফিৰিঙতিৰ গান

আস্থাহীনৰ বিপৰীতে গভীৰ আস্থাৰ গান

শীতৰে সেমেকা ৰাতি

কত বস্ত্ৰহীন, ক্ষুধাৰ্ত জনতাৰ গান

ভূপেন দাই গালে গান আৰু গান

সেই গানত জাগ্ৰত হ’ল

মুক্তিকামী শত সহস্ৰ প্ৰাণ;

ভূপেন দাই গালে কৃষক বনুৱাৰ গান,

সমন্বয়ৰ গান।

সেই ভুপেন দা আৰু নাই।


বৰ বৰ মানুহৰ দোলা নেওঁচি

দুখীয়া নিচলাৰ কান্ধত ভৰ থৈ

অনবৰতে বিপ্লৱৰ গান গোৱা

ভূপেন দা আৰু নাই।

প্ৰেমৰ কোমল স্নিগ্ধ -সনা 

এক মহা মিলনৰ মধুৰ মুহূৰ্ত্তত

দূৰৰ আৰ্তনাদ শুনি উঁচুপি উঁচুপি কন্দা 

              ভূপেন দা আৰু নাই।

দুৰ্বাৰ গতিত চেঁকুৰি পাৰ কৰা

দুৰন্ত পক্ষীৰাজ ঘোঁৰা

প্ৰশান্ত সাগৰত সাঁতুৰি - নাদুৰি ক্লান্ত নোহোৱা

আজি বীৰ সৈনিক সুধাকণ্ঠ

মোম্বাইৰ কোকিলাবেন আম্বানী হস্পিটেলত

জীৱনৰ গীত গাই গাই

আজি মহা নায়কৰ হ’ল মহা প্ৰয়াণ !

         ভূপেন দা আৰু নাই !

         ভূপেন দা আৰু নাই!

         ভূপেন দা আৰু নাই !

আহা আমি সমস্বৰে গাওঁ ৰবীন্দ্ৰ ঠাকুৰৰ ভাষাত —

“তোমাৰ সৃষ্টিৰ চেয়ে তুমি মহান,

তোমাৰ সৃষ্টিৰ চেয়ে তুমি মহান

হে ভুপেন দা, তোমাক জনাও

হৃদয়ৰ শতকোটি প্ৰণাম !!


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages