অৰণ্য
মনালিছা শইকীয়া
বোকাখাত
প্ৰস্তাৱনাঃ
সেউজীয়াবোৰ বিচাৰি ক’লৈ যাবি
আহ আমি বুকুতে অৰণ্য এখন পাতো
গহীন অৰণ্যৰ বুকুফালি
বেলিয়ে হাঁহিব, জোনাকে জিলমিলাব
আৰু শিলৰ বুকু পখালি নিজৰা এটা নামি আহিব
মূলতঃ
আদিম অৰণ্যৰ গভীৰ ছাঁয়াত
আমি আমাৰ আজন্ম পৰিচয়
এৰি আহিবৰেপৰা আজিকোপতি
উভতি যোৱা নাই সেই অৰণ্যলৈ
চুই চোৱা নাই গছৰ বিষাদ বেদনা
অথবা ছাঁ ঘন শীতলতাৰ অমল সুগন্ধি
আমিযে
গভীৰ অৰণ্যৰ বুকুভেদি
কাহানিও মৰা নাই সুহুৰি
নিস্তব্ধতাক ঢৌৱাই দিবলৈ
নিৰ্জনতাক জোকাই চাবলৈ
পৰম প্ৰত্যুষত আমি
কংক্ৰিটৰ অৰণ্যৰ অভিজাত বাসিন্দা
গছবিহীন
ছাঁবিহীন
ৰ’দবিহীন
আমাৰ জীৱন যাত্ৰা
উপসংহাৰঃ
অৰণ্যবোৰ গভীৰ হওক
গছৰ শীতল ছাঁয়াই আমাক আবৰি ৰাখক।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment