সখিয়তী বতাহজাকৰ সুহুৰিটো
পলাশ শৰ্মা
সুৰৰ সোপান বগাই
সহস্ৰজনৰ বুকুত গাঁঠি থ’লা
গানৰ ঋতুৰ আত্মীয়তা
সম্ভৱ হ’ব পাৰে নে
যি বাটেৰে ৰ’দে ধুৱাই দিয়া
চোতালত উফাল খাই পৰে
গানৰ পোহৰ
সেই বাটৰ শেষত
অন্ধকাৰ দিগন্তৰ সিটো পাৰে
বিচ্ছুৰিত কোলাহলৰ আলিঙ্গনত
শিকলি চিঙি জানো
আতৰি যাব পাৰে
গানৰ সেই সত্বা
অলপ জিৰণি
আৰু
এটা উজ্বল দিনৰ অপেক্ষাত
হয়তো তেওঁ ৰৈ থাকে
সখিয়তী বতাহজাকৰ সুহুৰিটো
ওঠত পিন্ধি লৈ
কোনোবা নিজাণত
আমলখি বনৰ কেঁচা আলিবাটটোৰে
হয়তো এদিন উভতি আহিব
গছ ভালপোৱা চৰাই ভালপোৱা
মানুহৰ কথা কোৱা
আৰণ্যক সেই সত্বা।।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment