ফৰিস্তা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

ফৰিস্তা

 


ফৰিস্তা


                 জুনুকা পাঠক

                        বৰপেটা


দুখ, হতাশা, গ্লানি  অবসাদ কদৰ্য্যৰ ভৰত দুৰ্বাসা–

বুৰো বুৰো পৃথিৱী

ঈশ্বৰ নাই—   !!

অক্টোপাছে হুপি হুপি খুলি খায় মনঃমস্তিস্ক।

কৃতঘ্ন দৈত্যৰ হাতোৰাত ছিন্নমূল ফৰিস্তা।

ঈশ্বৰৰ আহ্বান শুনিবি—

তহঁতে ভালেই কৰিলি, 

হিলৈ ব’ম ফুটালে প্ৰকৃতি কষ্ট পায়,

পশু-পক্ষী ভয়াৰ্ত হ’লে—

জুবিনৰ খং উঠিব তেতিয়া।


ক্লান্তিত ভাগৰি পৰিছো,

পোহৰৰ সন্ধান ক’ত জানো পাম –?


মাটিৰ চাকিৰ শলিতা জ্বলাবি; অমাবস্যাৰ যজ্ঞত 

পাতিবি দিপাৱলী 

কেৱল লাজাৰাছত  মুক্ত দিবাকৰৰ 

ন্যায় প্ৰতীক্ষাত আমি—


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages