সেমেকা পোহৰৰ উৎসৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

সেমেকা পোহৰৰ উৎসৱ

 

সেমেকা পোহৰৰ উৎসৱ


আয়শা ছিদ্দিকা

বাংলিপাৰা, বৰপেটা 


চাকি জ্বলিব এক আকুল

আৰাধনাৰ ভেটি হৈ 

পোহৰৰাই তুলিব 

ৰশ্মিৰ কণাবোৰে 

সমগ্ৰ ঠাইৰ সমগ্র চুক।


তথাপি জয়াল!

তথাপি অন্ধকাৰ!

তথাপি হাহাকাৰ!


নাই উৎসৱত নাই কোনো

আনন্দ, উল্লাস, হেঁপাহ 

এবুকু মৰ্ম বিষাদ 

পান কৰি কৰি 

আকাশবন্তিও জ্বলিছে 

উমি উমি সুস্থিৰে 

উকা উকা ডাৱৰীয়া মনৰ 

সেমেকা বতৰত ।


এক নিৰ্জনতা!

এক নিস্তব্ধতা!

এক বিষাক্ত নীৰৱতা!


পোহৰৰ উৎসৱ হ’ব 

আতচবাজি নোহোৱাকৈ 

এক আৱেগৰ স্ৰোত বৈ 

আপোনজন হেৰুওৱাৰ যন্ত্ৰণা লৈ

শূণ্য হৃদয়ত এক গভীৰ 

দীৰ্ঘ হুমুনিয়াহ এটা কাঢ়ি।


নাই আনন্দ নাই!

নাই মাদকতাও নাই!

প্ৰদীপৰ পোহৰেও যেন

আলোকিত কৰিব পৰা নাই 

শত শত হৃদয়ৰ অন্ধকাৰ...।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages