কেতিয়াবা
জানমণি কুলি
জ’নাই ধেমাজি
ভাল নলগা ছবিও চাই থাকিলে
চকুত লগা হ’ব পাৰে,
ভাল নলগা গানেও শুনি থাকিলে
ভাল লাগিব পাৰে;
কেতিয়াবা বুজি নোপোৱা সুৰেও
হৃদয়ত সাঁচ বহুৱাব পাৰে।
অচিন ঘাটেও এদিন
চিনাকি হ’ব পাৰে,
চিৰবৈৰীও এদিন
সহযাত্ৰী হ’ব পাৰে
কেতিয়াবা অচিনাকী পাত্ৰও
বুকুৰ আপোন হ’ব পাৰে।
মোৰ বুলি কাকো আঙুলিয়াই নকওঁ
সময়তে জানিম কোন মোৰ…?
সময়ৰ টিকনিৰ সৈতে মানুহৰ হিয়া ঘূৰে
কেতিয়া ক’ত সলনি হয়
ক’ব নোৱাৰি।
কোনো আক্ষেপ নাই কাৰো প্ৰতি
সময়ৰ মায়ানগৰীৰ ময়ো নিবাসী,
ক’ত কি হয় বুজিব নোৱাৰি
কেতিয়াবা ভাল লগাও
ভাল নলগা হয়
আৰু বুকুৰ আপোন জনো
কেতিয়াবা পৰ হয়।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment