মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ
প্ৰেৰণা ৰাজখোৱা
কোনে কৈছে
মৃত্যু হৈছে জুবিন গাৰ্গৰ…?
মৃত্যু তেওঁৰ হোৱা নাই..
মৃত্যু হৈছে গৰিমা শইকীয়া গাৰ্গৰ
মৃত্যু হৈছে অসমৰ…
দেখিছাই চাগৈ
আকাশে-বতাহে
টি.ভি.য়ে- মোবাইলে
কেৱল জুবিন গাৰ্গ
মাথোঁ জুবিন গাৰ্গ
জানানে
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ ওলোৱাৰ পৰা
জুবিন গাৰ্গ চিতাত উঠালৈকে
চিতা পুৰি শেষ হোৱা লৈকে
জুবিন গাৰ্গেই গান গালে
কেৱল জুবিন গাৰ্গে..
কিদৰে কওঁ
জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি..!
দুৰ্গা পূজা শেষ হ’ল
তাতো দেখোন
কেৱল জুবিনেই গান গালে
কেনেকৈ বিশ্বাস কৰোঁ
জুবিন গাৰ্গ আৰু নাই বুলি?
কেনেকৈ??
সেয়া
এতিয়াও
জুবিনেই গান গাই আছে
ভালদৰে কাণ পাতাচোন..!
সঁচাকৈ
জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই
মৃত্যু হৈছে অসমৰ
মৃত্যু হৈছে গৰিমা শইকীয়া গাৰ্গৰ..!!
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment