উশাহৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

উশাহৰ

 

উশাহৰ


                  বিকি বৰ্মন


আজিকালি ৰাতি শুবলৈ যাওঁতে দেৰি হয়,

কেকুৰি নিছিঙা জীৱনৰ দোমোজাত

চিন্তাৰ সাগৰ বয়।


চাকৰিৰ পিছত দৌৰোতে দৌৰোতে

সময়ে শেষটো উশাহ লয়,

সময়ে বয়সৰ সীমা ইমানেই বুলিয়ে কয়।


পিছ হুকি চাওঁতে দেখিলোঁ —

সকলোবোৰ কাহানিবাই এৰিলোঁ।


নৰীয়া পিতাইক টকাৰ অভাৱত অকালতে হেৰুৱালোঁ,

বিধবা আইৰ শেষ চাদৰখনো আজি কাঢ়ি আনিলোঁ।


বাৰীৰ পিছফালৰ আম যুপাতে

উশাহৰ শেষ টোপালটো আই তোৰ নামত এৰিলোঁ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages