ৰাতিৰ বুকুত জ্বলে তৰা....
অভিজ্ঞান
বিশালতা তোমাৰ কিমান প্ৰিয় ?
অকুণ্ঠিত পৰাণৰ অমিত জেউতি
আভৰণ মোৰ নিশাৰ কাব্য।
জোনাক, হে জোনাক মোৰ অনন্ত প্ৰেম
মোৰ আঁচলত মূৰ গুজি দিয়া
অমূৰ্ত ভাৱনাত জিলিকিব তৰা
অমৰ্ত্য অনুভৱে অনুভৱে...
কিমান ভালপোৱা তুমি পোহৰ?
কিমান প্ৰয়োজন তোমাক নিশিগন্ধাৰ?
জোনাকে ওমলা মোৰ এই চোতালত
বৰষা সুৰৰ টোপাল তুমি হোৱা।
গভীৰ নিশা,গভীৰতা মোৰ হৃদয়ৰ প্ৰাৰ্থনা
ক্ৰমশঃ যেন সাৱটি এন্ধাৰ
এন্ধাৰতে ডুব মাৰি মই হও প্ৰজ্বলিত
ৰাতিৰ বুকুত তৰা জ্বলে
উদ্ধাৰি জ্যোতিৰ্লিংগ।

No comments:
Post a Comment