থিয় হোৱা
বাংলা কবিঃ শক্তি চট্টোপাধ্যায়
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
বৰপেটা
মানুহ বৰকৈ কান্দিছে
মানুহ হৈ তুমি কাষত থিয় হোৱা
মানুহে ফান্দ পাতিছে
চৰাইৰ নিচিনা উৰি উৰি আহি তুমি কাষত থিয় হোৱা
মানুহ বৰ অকলশৰীয়া
সিহঁতৰ কাষত আহি তুমি থিয় হোৱা।
তোমাক সেই পুৱাৰ পৰা বৰকৈ মনত পৰিছে
আবেলিত বৰকৈ মনত পৰিছে
ৰাতিত বৰকৈ মনত পৰিছে
মানুহ বৰ অকলশৰীয়া
সিহঁতৰ কাষত আহি তুমি থিয় হোৱা।
আহি থিয় হোৱা ভাহি থিয় হোৱা ভাল পায় থিয় হোৱা
মানুহ বৰকৈ কান্দিছে
মানুহ হৈ তুমি কাষত থিয় হোৱা
মানুহ বৰ অকলশৰীয়া
সিহঁতৰ কাষত আহি তুমি থিয় হোৱা।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment