অ সোঁৱৰণী, নাযাবি পাহৰি
অশোক ৰাম ভট্টাচাৰ্য্য
আমোলাপট্টি, নগাঁও
(শ্ৰদ্ধাঞ্জলি সুধাকন্ঠ, ভাৰত ৰত্ন, ড° ভূপেন হাজৰিকাদেৱলৈ)
কলং পাৰৰ আঁহত তলত
বলিছে ৰিব্ ৰিব্ মলয়া বতাহ
কোন সেই সদ্যস্নাতা কলং কন্যা ?
সোঁৱৰিছে নেকি সুধাকন্ঠক,
উচুপিছে নেকি প্ৰকৃতিয়ে
ভাৰতৰত্নৰ বাবে আই অসমীয়ে ?
গীত এটি গাবা নেকি
আইৰ অমিয়া ভাষাত
মধুৰ বিৰল শব্দৰে
মাতৃভাষাৰ দুঃসময়ত হৃদয়স্পৰ্শী সুৰেৰে
প্ৰকৃতিৰ গুঞ্জনতে শুনা পাইছোঁ সেই সুৰ
প্ৰণাম তোমাক সুধাকন্ঠ
আইৰ শৌৰ্য হৈ জিলিকিছা আকাশ মাৰ্গত।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment