তুমি মোৰ বুকুত জ্বলি থকা একুৰা দুখ হ’বানে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

তুমি মোৰ বুকুত জ্বলি থকা একুৰা দুখ হ’বানে

 


তুমি মোৰ বুকুত জ্বলি থকা একুৰা দুখ হ’বানে ? 


দিপলীপ বৰা


চকুৰ তলত জ্বলি ছাই হোৱা ক’লা ছাঁ

তাত তুমি মোৰ ৰাতিৰ ক’লাখিনিক চুই চাবা 

তুমি মোৰ এটুকুৰা বিষাদ হ’বানে ? 


মোৰ শূন্য বুকুত শুকাই যোৱা হুমুনিয়াহৰ

এপাহ খৰিকাজাঁই তুমি হ’বানে ? 

নীলাখামত শুই থকা বিষাদৰ 

প্ৰিয় টুকুৰাটো হ’বানে ? 


মোৰ দুপৰীয়াবোৰৰ নিসংগতাক 

চুই চাবলৈকে তুমি এমুঠি বিষাদ হ’বানে ? 

মই প্ৰতিশ্ৰুতি দিয়া আৰু এই দীঘল 

হালধীয়া দুপৰীয়াবোৰৰ অপেক্ষাৰ 

মাজতো নথকা এটা শব্দ তুমিয়েই হ’বানে ? 

শুকাই কৰ্কৰীয়া মৰা চকুলোৰ এটোপাল 

জীপ থকা 

চকুলো হ’বানে ? 


তুমিয়ে কেৱল 

কেৱল তুমিয়ে 

মোৰ একমাত্র দুখ হ’বানে ? 

বিষাদ চেপি চেপি 

জ্বলি ছাঁই হোৱা দুখৰ

টুকুৰাটো তুমিয়েই হ’বানে ? 


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages