জুবিনৰ মৃত্যুৱে ৰাজনৈতিক পেক্ষাপট সলনি কৰিব নেকি
তৰা বৰুৱা
বৰপথাৰ, গোলাঘাট
জুবিন মানে কি
জুবিন
মানুহৰ বাবে ভগৱান
চৰাই-চিৰিকটি, জীৱ-জন্তু, গছ-গছনিৰ বাবেও
জুবিন ভগৱান।
জুবিন মানে,
জাতি-বৰ্ণ নিৰ্বিশেষে
ঐক্য সম্প্ৰতি মিলনভূমি।
জুবিন মানে দেশ
জুবিন মানে বিদেশ,
জুবিন মানে ভাষা
জুবিন মানে অসমীয়া জাতি।
জুবিন মানে নাহৰ
জুবিন মানে মায়াবিনি
জুবিন মানে সত্য
জুবিন মানে সুন্দৰ
জুবিন মানে মছজিদ
জুবিন মানে মন্দিৰ
জুবিন মানে গীৰ্জা
জুবিন মানে গুৰুদ্বাৰ
জুবিন মানে নামঘৰ
য’ত একেলগে উচ্চাৰণ হয়
হৰি নামৰ ধ্বনি।
জুবিন মানে
এখন দেশৰ অৰ্থনীতি
জুবিন মানে
ভয়ত কপে ৰাজনীতি
সলনি হয় বহু নেতাৰ
কথাৰ ফুলজাৰি।
জুবিন অমৰ,
মৰিও সলনি কৰিব পাৰে
অসমৰ ৰাজনীতি
জুবিন মানে প্ৰেক্ষাপট
জুবিন মানে জনগণ
জুবিন মানেই অনুৰাগী
জুবিন মানেই চকুত চকুলো।
জুবিন মানে বলিয়া অসম
যাৰ গীতত প্ৰাণ পাই
যাৰ গীতত সাৰ পাই
সেই গীতৰ নাম জুবিন
সেই প্ৰাণৰ নাম জুবিন
সেই নামেৰে সলনি কৰিব
পাৰে অসমৰ ৰাজনীতি।
জুবিন মানে
কোনো জাতি-বৰ্ণ-ধৰ্ম নাই
জুবিন মানে কোনো
ধনী-দুখীয়া নাই
জুবিন মানে প্ৰাণকৰ্তা
জুবিন মানে ঈশ্বৰৰ দান।
জুবিন মানেই সমতা
জুবিন মানে ক্ষমতা
জুবিন মানেই কাৰোবাৰ টোপনি হেৰাই
যাৰ মৃত্যুৱে সলাব পাৰে
অসমৰ ৰাজনীতি
তাৰ নামো জুবিন।
যাৰ মৃত্যুত শশ্মান হৈ পৰে মন্দিৰ
যাৰ মৃত্যুত সমগ্ৰ দেশত
চকুলোঁৰ নদী বয়
যাৰ মৃত্যুত সেন্দুৰৰ মূল্য
বাঢ়ি যায়,
সেই সেন্দুৰৰ নামো জুবিন।
যাৰ মৃত্যুত জাতি-বৰ্ণ নিৰ্বিশেষে একেখন ৰভাৰ তলত কীৰ্তন- কোৰান পাঠ কৰিব পাৰে সেই মৃত্যুৰ নাম জুবিন।
জুবিন মানেই মহান
জুবিন মানেই উদাৰ
জুবিন মানেই মুক্ত কণ্ঠ
সেই জুবিনৰ মৃত্যুৱে যে ৰাজনীতি প্ৰেক্ষাপট সলনি নকৰিব
তাত কোনো দ্বিমত নাই।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment