পিপাসা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

পিপাসা

 



পিপাসা


মফিজুদ্দিন চৌধুৰী

নগাঁও


   লাইব্ৰেৰীৰ দুৱাৰখন খোলাৰ লগে লগেই আমি কিতাপৰ আলমাৰীৰ ওপৰত উবুৰি খাই পৰিলোঁগৈ। মাদ্ৰাছাৰ লাইব্ৰেৰী— শিক্ষক আৰু ছাত্ৰৰ অধ্যয়নৰ কাৰণে। নাম “আজাদ ষ্টুডেন্টচ ক্লাব”। নামটো কোনে দিছিল নাজানোঁ। তাত কিন্তু কিতাপৰ বাহিৰে আন একো নাই। সৰু লাইব্ৰেৰী। কিতাপৰ সংখ্যা খুব বেছি পাঁচশমান হ’ব।

  জীৱনৰ প্ৰথম লাইব্ৰেৰী, প্ৰথম কিতাপখন। “সোণমইনীৰ সাধু”— তেতিয়াৰ মোৰ বয়সৰ সৈতে খাপ খোৱা। কিতাপৰ ছবি আৰু কাহিনীবোৰে মোৰ মন-মস্তিষ্ক আৱৰি পেলালে।  

      ইয়াৰ পাছত ক্ৰমে “নিস্তাৰিনীৰ সাধু”, “বেতালৰ সাধু”-কে আদি কৰি বহুতো বাংলা কাহিনীৰ কিতাপেও মোৰ কোমল মনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল।

      স্বপন কুমাৰৰ ডিটৈকটিভ চিৰিজে মোৰ বৌদ্ধিক জগতখনত আলোড়ন সৃষ্টি কৰিলে। “আৰব্য ৰজনী” নামৰ এখনি দেউ-পৰীৰে ভৰা যাদুৰ মোহনীয় উপন্যাসৰ কিতাপে মোক মন্ত্ৰমুগ্ধ কৰিলে। দিনে-ৰাতিয়ে চকুৰ আগত চৰিত্ৰবোৰ ভাহি ফুৰা দেখা পালোঁ। 

      হিতেশ ডেকাৰ “এয়েতো জীৱন”-ৰ দ্বিতীয় খণ্ড পঢ়ি মই পাগল প্ৰায় হৈ পৰিলোঁ। উমা-বলোৰামৰ চৰিত্ৰই মোৰ মনত গভীৰ ভাবে ৰেখাপাত কৰিলে। প্ৰথম খণ্ড আৰু তৃতীয় খণ্ড বিচাৰি চলাথ কৰি ফুৰিবলৈ ধৰিলোঁ। 

       তেনেকৈ নিৰোদ চৌধুৰীৰ গল্পসমূহ, “দস্যূ বাহাৰাম চিৰিজ”, তৰুণ কুমাৰ ভাদুৰীৰ “সন্ধ্যা বন্তিৰ শিখা”, “মৰু-প্ৰান্তৰ” আদি বিখ্যাত কিতাপবোৰে মোৰ মনত এখন স্বপ্নময় জগতৰ সৃষ্টি কৰিলে। 

      সত্যনাথ বৰাৰ “সাৰথি”-খনে মোৰ মানস পটত বাৰুকৈয়ে সাঁচ বহুৱালে।

    দিনক দিনে মোৰ অধ্যয়নৰ আকৰ্ষণ বাঢ়ি যাব ধৰিলে। দুটা আলমাৰি ভৰা কিতাপ। সোনকালেই পঢ়ি প্ৰায় শেষ কৰি আকৌ দ্বিতীয় বাৰ আৰু তাৰ পাছত বাৰে বাৰে একেখিনি কিতাপকে পঢ়িবলৈ ললোঁ। মাজে মাজে নতুন নতুন কিতাপ আহিও ইয়াৰ লগত সংযোগ হ’ল। অত্যন্ত দুখৰ বিষয় যে লাইব্ৰেৰীৰ আন্তঃগাঁথনি ক্ৰটীপূৰ্ণ হোৱাৰ বাবে কিতাপৰ সংখ্যা দিনক দিনে কমিও গৈছিল। আগতে উল্লেখ কৰা বহুতো কিতাপ পাছলৈ নাইকীয়া হ’ল।

      প্ৰাইমাৰী বিদ্যালয়ত পঢ়ি থাকোঁতে মোৰ জ্ঞানৰ বিকাশ বৰ মন্থৰ আছিল। মাদ্ৰাছাত পঢ়ি থাকোঁতে বিশেষকৈ শেষৰ ফালেহে ইয়াৰ উন্মেষ ঘটিছিল। এই কিতাপবোৰেও বিকাশত যথেষ্ট অৰিহণা যোগাইছিল। বিশেষকৈ স্বপন কুমাৰ আৰু অন্যান্য লিখকৰ ডিটেকটিভ চিৰিজে চিন্তা-ধাৰাৰ এক নতুন দিশৰ উন্মোচন ঘটাইছিল। 

  বুৰুংগা বজাৰ ছিনিওৰ মাদ্ৰাছাৰ পৰা মই ইন্টাৰমেডিয়েট পাচ কৰিছিলোঁ। অনুষ্ঠানটো মোৰাজাৰৰ পৰা তিনি কিলোমিটাৰমান দূৰত। সেই সময়ত ৰাস্তাবোৰ সিমান ভাল নহয়। মাজে মাজে ১০/১৫ মিটাৰমানকৈ চিগা। শুকান দিন হলেতো ভালেই। ভাল কাপোৰ-কানি, জোতা-মোজা পিন্ধি আৰামত যাতায়াত কৰিব পাৰি। বাৰিষাৰ দিনতহে বোকাই পানীৰে ডাব হৈ থাকে। পাৰ হ'বলৈ বৰ কষ্ট। গোটেই ৰাস্তাটোত জোতা, চেন্দেল আদি হাতত লৈ খোজ কাঢ়িব লগীয়া হয়। তাৰ মাটি তিতিলে ভেৰভেৰীয়া আৰু বৰ পিচল হয়, শুকালে আকৌ শিলৰ নিচিনা টান হৈ পৰে।

      মাদ্ৰাছাৰ পৰা ৰাস্তাৰে মোৰাজাৰলৈ অলপ বেছি দূৰ হয়। সেইকাৰণে শুকান দিনত বাট চমু কৰিবলৈ আমি পথাৰেৰে যাতায়াত কৰোঁ। তেতিয়া প্ৰায় আধা কিলোমিটাৰমান বাট কমি যায়। কিছুমানে বোকাৰ দিনতো এই একে ব্যৱস্থাকে লয়। কাৰণ পথাৰৰ দৰে সমগ্ৰ ৰাস্তা বোকাময়। তাতে আকৌ যি পিচল। পৰি যোৱাৰ ভয় থাকে। পথাৰৰ বোকাত পৰি যোৱাৰ ভয় নাই যদিও বোকাই ভৰি দুটাত খামোচ মাৰি ধৰে, সহজে এৰি নিদিয়ে। সেয়ে খোজ লেহেমীয়া আৰু ভৰি বিষাই যায় যদিও তথাপি ভাল। পথাৰৰ মাজত আকৌ খেতি পথাৰত পানী যোগানৰ বাবে দুটাকৈ ই এণ্ড্ ডি বিভাগৰ ডাঙৰ ডাঙৰ নলা আছে। সেই দুটা পানীৰে পূৰ্ণ হৈ থাকিলে আৰু উপায় নাই, ৰাস্তাৰে যাবই লাগিব।

    এবাৰ এটা আমোদজনক ঘটনা ঘটিল। হুছাইন আহমেদ মজুমদাৰ মোৰ সহপাঠী ও অন্তৰংগ বন্ধু। এদিনাখন শুকান দিনত তেওঁ সহ আমি কেইজনমান মোৰাজাৰলৈ গৈ আছিলোঁ। শুকান দিন কাৰণে পথাৰৰ চমু ৰাস্তাটোকে বাচি লৈছিলোঁ। প্ৰথম নলাটো শুকানে শুকানে পাৰ হ’লোঁ। দ্বিতীয় নলাটো অলপ ডাঙৰ। তাত আঠু পানী আছিল। মই জোতা-মোজা পিন্ধি গৈছিলোঁ। আহমেদ আৰু বাকীবোৰৰ ভৰিত চেণ্ডেল আছিল। সেইকাৰণে তেওঁলোক হেলাৰঙে পাৰ হ’ল। মইহে মস্কিলত পৰিলোঁ। জোতা-মোজা খুলি পাৰ হৈ গৈ পুনৰ পিন্ধিব লাগিব। তাতে নলাটোত বোকাও আছে। 

   মোৰ দোধোৰ-মোধোৰ অৱস্থা দেখি আহমেদে ক'লে— “মই বন্ধু থাকোঁতে তুমি কিয় ইমান চিন্তা কৰিব লাগেহে? আহা, মোৰ বুকুচাতে উঠা, পাৰ কৰি দিওঁ।”

      মই মহা আনন্দেৰে তেওঁৰ বুকুচাত উঠিলোঁ। নলাটোৰ মাজখিনি পাওঁতে তেওঁ চিঞৰি চিঞৰি মোৰ হাত দুখন এৰুৱাবলৈ চেষ্টা কৰি ক’লে—

     “এহ, বন্ধু নামাচোন, নামা। মই বৰ দুখ পাইছোঁ।” এইবুলি কৈ তেওঁ মোক মাজ পানীতে নমাই দিলে। জোতা-মোজা পানীত তিতি মই জুৰুলা জুপুৰা হ’লোঁ। তেওঁ তৎক্ষণাত লৰ মাৰি পাৰ পালেগৈ। মই বোকা পানীতে ঠিয় হৈ থাকিলোঁ। 

      এই অভূতপূৰ্ব দৃশ্য দেখি বাকী সকলোৱে ইচ্ছা মনেৰে হাঁহিলে। মোৰ বন্ধুৱে এনেকৈ সকলোৰে আগত লাজ দিব বুলি ঘুণাক্ষৰেও ভবা নাছিলোঁ। মই সৰল অন্তৰেৰে তেওঁক বিশ্বাস কৰিছিলোঁ।

     নিৰুপায় হৈ মই বোকাত পোত খোৱা জোতাযোৰ উলিয়ালোঁ। পাৰলৈ গৈ বোকাবোৰ এৰুৱাই ভালকৈ ধুই ললোঁ। ভাগ্যে প্লাষ্টিকৰ জোতা আছিল। মোজাযোৰ পিন্ধিব পৰা অৱস্থাত নাই। সেয়ে ভালকৈ চেপি পকেটতে ভৰাই থলোঁ।

      ভবিষ্যতলৈ মোৰ ভাল শিক্ষা হ’ল যদিও এই নলাটো আমি সদায় এনেকৈয়ে পাৰ হৈছিলোঁ। কোনোবা নহয় কোনোবা এজন এনেকৈয়ে বুকুচাত উঠি পাৰ হয়। তেনেই সাধাৰণ কথা। আহমেদক মই কেইবাবাৰো এনেকৈ পাৰ কৰিছোঁ। কিন্তু কেতিয়াও তেঁওৰ পূৰ্বৰ দুষ্টালিৰ প্ৰতিশোধ লোৱা নাই।

      এই ঘটনাক বাদ দিলে পৰৱৰ্তী দিনবোৰত আহমেদ মোৰ এজন ভাল উপকাৰী বন্ধু হিচাপে পৰিগণিত হৈছিল।

      বুৰুংগা মাদ্ৰাছাৰ “আজাদ ষ্টুডেন্ট'চ্ ক্লাব”-ৰ কিতাপ আৰু মোৰ পঢ়িবলৈ বাকী নাই। একেখিনি কিতাপকে আৰু কিমান বাৰে বাৰে পঢ়িম ? সেয়ে এই দীঘলীয়া ৰাস্তাৰে বাট কুৰি বাই মোৰাজাৰৰ 'নেহেৰু পাঠাগাৰ' নামৰ  লাইব্ৰেৰীৰ পৰা কিতাপ আনিবলৈ যাওঁ। 

      তেওঁলোকে পঢ়িবলৈ মাত্ৰ এখন কিতাপহে দিয়াৰ নিয়ম। একোখন কিতাপ ৰাতিটোৰ ভিতৰতে পঢ়ি শেষ হৈ যায়। পাছদিনা আকৌ কিতাপৰ বাবে যাবলগীয়া হয়। পাঠাগাৰ সদায় নুখুলেও আৰু লাইব্ৰেৰীয়ানজনকো সদায় লগ নাপাওঁ। কেতিয়াবা কেতিয়াবা আধা কিলোমিটাৰ দূৰত থকা ঘৰৰ পৰা তেওঁক বিচাৰি আনিব লগীয়া হয়। 

      এই লাইব্ৰেৰীয়ানজনক লগ পোৱাটোৱে মোৰ বাবে পৰম সৌভাগ্য। নহ'লে অহা-যোৱা ৬ কিলোমিটাৰ মোৰ এনেই অথলে যায়। বাৰিষা কালত হ’লে এনেকুৱা দিনবোৰ মোৰ কাৰণে অতি দুৰ্ভাগ্যজনক। এই যাত্ৰাবোৰত আহমেদ প্ৰায়ে মোৰ সংগী হৈছিল।

      অৱশেষত লাইব্ৰেৰীৰ বয়োঃজ্যেষ্ঠ সভাপতি নিমাৰ আলী চাৰক মোৰ অসুবিধাৰ কথাখিনি ক’লোঁ। তেখেতে মোৰ পঢ়াৰ প্ৰতি ধাউতি দেখি সদয় হৈ কেৱল মোৰ বাবেই দুখনকৈ কিতাপ দিয়াৰ ব্যৱস্থা কৰি দিলে। 

      সেইদিনা মই কিমান যে আনন্দিত হ’লোঁ তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। নিমাৰ আলী চাৰক সাক্ষাৎ ফিৰিস্তা যেন লাগিল।

      হেঁপাহ নিচালৈ ৰূপান্তৰ হ’লে আৰু ৰক্ষা নাই। কিতাপৰ নিচাই যাক এবাৰ পাই গৈছে সি কিতাপ নোহোৱাকৈ এখন্তেকো থাকিব নোৱাৰে। ইয়াৰ অতিমাত্ৰা মোহে অন্যান্য দায়-দায়িত্বৰ প্ৰতি বিমুখ কৰি তুলে। মোৰ এই অধ্যয়ন-পাগল মনটোৰ বাবে পাঠ্যপুথিৰ পঢ়াত কোনোমতে মন লগাব পৰা নাছিলোঁ।  সকলো শিক্ষক, ছাত্ৰ আৰু অঞ্চলটোৰ দুই এজনেও জানিছিল মোৰ এই দুৰ্বলতাৰ কথা। তেওঁলোকে প্ৰায়েই মোক সাৱধান বানী শুনাইছিল—

      “এই বাহিৰা কিতাপ অধ্যয়নে তোমাৰ জীৱনটো ধ্বংস কৰিব এদিন, চাবা।”

       তেওঁলোকৰ কথাবোৰে মোৰ মনত অলপো প্ৰভাৱ পেলাব পৰা নাছিল। অৱশ্যে এসময়ত তেওঁলোকৰ ভবিষ্যত বাণীয়েই সঁচা প্ৰমাণিত হৈছিল। মোৰ মাদ্ৰাছাৰ শিক্ষা অনিশ্চয়তাপূৰ্ণ হল। পৰিণামৰ বিষয়ে চিন্তা কৰি মই আগৰ পৰাই আতংকিত হৈ আছিলোঁ। ক্ৰটীপূৰ্ণ শিক্ষা ব্যৱস্থাৰ বাবেই মই বাহিৰা কিতাপৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। ইয়াৰ লগে লগে স্কুলীয়া শিক্ষাৰ প্ৰতিও অনুপ্ৰাণিত হৈছিলোঁ। 

      ‘নেহেৰু পাঠাগাৰ’-ৰ পৰা দুখনকৈ কিতাপ পায়ো মোৰ হেঁপাহ নপলাল। ভাবিলোঁ— দুখন কিতাপ দুদিনহে। তাৰ পিছত আকৌ ৬ কিলোমিটাৰ পদযাত্ৰা। গতিকে মোৰাজাৰৰ আন এটা পুথিভঁৰাল ‘’নজৰুল পাঠাগাৰ’-ৰো সদস্য হৈ ল’লোঁ। মোৰ এতিয়া নিজকে বিশ্বৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি যেন লাগিল। কিন্তু দেখিলোঁ— ‘’নেহেৰু পাঠাগাৰ’-ৰ বেমাৰটো ইয়াতো আছে। সদায় নুখুলে। লাইব্ৰেৰীয়ানজনক বিচাৰি বিচাৰি আনিব লাগে। তাকো মন গ'লেহে আহে। নগ’লে হাজাৰ অনুৰোধ কৰিও লৰচৰ কৰাব নোৱাৰি। কেতিয়াবাতো দুয়োটা পাঠাগাৰৰ পৰাই বিফল মনোৰথ হৈ উভতি আহিব লগা হয়। তেতিয়া মোৰ মানসিক অৱস্থা কেনেকুৱা হয়, এতিয়াও মনত পৰিলে দুখ লাগে।

      যি কি নহওঁক এই দুয়োটা পাঠাগাৰৰ পৰা মই ব্যাপক ভাবে উপকৃত হৈছিলোঁ। দুয়োখনতে ডাঙৰ ডাঙৰ আলমাৰি কিতাপেৰে ঠাঁহ খাই আছিল। অঞ্চলটোৰ সংস্কৃতিবান ৰাইজে প্ৰতিষ্ঠা কৰা এই মৌকোঁহ দুটাৰ পৰাই ৰবীন্দ্ৰনাথ ঠাকুৰ, কাজী নজৰুল ইছলাম, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক আদি প্ৰখ্যাত কবি-সাহিত্যিকৰ মহান সৃষ্টিৰাজিৰ লগত মোৰ পৰিচয় হ’ল। সেইবাবে মোৰাজাৰৰ ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ।

      এতিয়া আৰু সেই পুথিভঁৰাল দুটাৰ কোনো অস্তিত্বই নাই। থকাৰ সময়ছোৱাত  অঞ্চলটোৰ সাহিত্য-প্ৰেমী ৰাইজে পঢ়ি-শুনি নিজকে চহকী কৰি ল’লে। 

      সম্প্ৰতি ডিজিটেলৰ যুগ। মানুহে কিতাপ-পত্ৰ পঢ়িবলৈ ইচ্ছা নকৰে। আগতে কিতাপ অধ্যয়ন কৰা মানুহ ঢেৰো আছিল। সেয়েহে অঞ্চলে অঞ্চলে একো একোটা পুথিভঁৰাল মাজে মাজে মূৰ ডাঙি উঠিছিল। 

      আজিকালি জিলা পুথিভঁৰালতেই পঢ়ুৱৈ পাবলৈ নাই। তাৰ কৰ্মচাৰী সকলেও এনেই বহি বহি সময় পাৰ কৰে। আগৰ দৰে ভাল কিতাপৰ সংখ্যাও তুলনামূলকভাৱে তাত বহুত কম।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages