স্তব্ধ হৈ ৰোৱা এটা সত্তা
ববী কলিতা
সুন্দৰীশাল, কামৰূপ
স্তব্ধ হৈ ৰ’ল এটা সত্তা
আকাশে বতাহে আলোড়ন
সৃষ্টি কৰা এটা কন্ঠ,
যি শিশুৰ পৰা বুঢ়ালৈকে
বিভোৰ হয় শুনি সেই সুমধুৰ কন্ঠ।
প্ৰতিটো শিশুৱে জন্ম পায়েই
শুনিবলৈ পাই এক সুমধুৰ কন্ঠ
মাতৃয়ে শিশুক নিচুকাই,
শিশুৱে টোপনি মাৰে
শুনি শুনি সেই মধুৰ কন্ঠ
সেই কন্ঠ আজি বাকৰুদ্ধ।
আজি স্থবিৰ হৈ পৰিল
আকাশ বতাহ,
আকাশত ৰ’দৰ পোহৰ সেমেকা,
বতাহৰ কোনো শীতলতা নাই,
জোনেও পোহৰাব পৰা নাই
ৰাতিৰ আকাশ,
আন্ধাৰ মাথো আন্ধাৰ
দশোদিশে আন্ধাৰ।
স্তব্ধ হৈ ৰ’ল এটা প্ৰচণ্ড উত্তাপ
দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিপক্ষে
গৰজি উঠা সূৰ্য আজি নিৰুত্তাপ,
এচাটি মলয়া বতাহ
দুখীয়া -নিচলাৰ সহায়ৰ হাত,
আৰ্তজনৰ বিপদৰ মাত
সেই সত্তা আজি স্থবিৰ হৈ ৰ’ল।
পৃথিৱী পোহৰাই তোলা চাকি গছি
হঠাৎ নুমাই গ’ল।
দুখত দুখী, সুখত সুখী
হোৱা এটা মহান সত্তা আজি
নোহোৱা হ’ল,
হৃদয়ত ঝংকাৰ তোলা শক্তি
আজি স্তব্ধ হৈ ৰ’ল।
হেৰাই গ’ল জাতিৰ পৰিচয়,
অসমীয়াৰ মান,
অকালতে মৰহিলে
অসমৰ এক আপুৰুগীয়া সম্পদ।
জাতি নাই, ধৰ্ম নাই
উচ্চ-নীচৰ ভেদাভেদ নাই
আপোন ভোলা সত্তাৰ
নিজৰ কথা ভাবিবলৈ সময় নাই,
জাতিটোক দি গ’ল
তেওঁৰ অনুপম সৃষ্টি,
গুঞ্জৰিত হয় বিশ্বৰ চুকে কোণে
তেওঁৰ সুমধুৰ সুৰ,
যি দিয়ে এক অনাবিল শান্তি
ইতিহাসত লিখা থাকিব
তেওঁৰ সৃষ্ট কৰ্মৰাজি,
অমৰ হৈ ৰ’ব তেওঁৰ
যাদুকৰী কন্ঠ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment