হিমবাহ-২
ৰাজীৱ ৰাভা
পানেৰি, ওদালগুৰি
সৌ দূৰণিৰ পৰ্বতৰ মূলৰ পৰা
বৈ আহে মৰমৰ উপত্যকা
হিমানী ধাৱন আৰু অৱক্ষেপনৰ
ফলতেই
হিমবাহৰ সাগৰ তলি দুভাগ হৈ
ইংৰাজী “U” আখৰৰ দৰে
হিমবাহৰ গ্ৰাৱ আৰু ভূ-অৱয়ৱৰ
খনন কাৰ্যৰ
ফলতেই
হিমালয়ৰ পৰ্বতৰ নামনিৰ
শিল-বালি, মাটি আৰু গেলাস্ম
মোৰ বুকুৰ সমস্ত যন্ত্ৰনাৰ
কুলষ-কালিমাৰ, মলি মামৰবোৰ
তুষাৰবৃত বৰফৰ ঢৌৱে উটুৱাই নিয়ে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment