সৰল মানুহজন
নৰেন নৰহ
লখিমপুৰ
(জুবিন দাৰ স্মৃতিত)
দুদিনীয়া জীৱনত বহু যুগৰ
কাম কৰি থৈ যোৱা সৰল মানুহজন
অহংকাৰ লোভ মোহৰ দাগ
একোৱেই লাগিব দিয়া নাই
শিশুৰ দৰে নিষ্পাপ কোমল মনৰ
পিছে চিন্তা-দৰ্শন বিশাল আকাশখনৰ সমান
আনৰ দুখত দুখী হোৱা
আনৰ সুখত সুখী হোৱা
মানৱ সেৱাই আছিল জীৱনৰ ব্ৰত
এক মহান আত্মাৰ পুৰুষ
মাথোঁ গীতেৰেই নহয়
সুৰেৰেই নহয়
সু-চিন্তা নিস্বাৰ্থ কৰ্মৰে
জয় কৰিছে জনগণৰ মন
সেয়ে আজি বিশ্বজুৰি বিচাৰি ফুৰিছে
নামি আহাগৈ পুনৰ সৰগৰ পৰা
আজি কত আই-মাতৃয়ে
পুৱা-গধূলি ভগৱন্তক প্ৰাৰ্থনা কৰে
গোসাঁইৰ ঘৰত নিতৌ ধূপ-চাকি জ্বলাই
আকুলতাৰে বহু আশা পালি
যেন তাৰেই গৰ্ভত পুনৰ জনম লয়
আৰু তোমাৰ মাতৃ হোৱাৰ
গৌৰৱৰ কিৰীটিখন দুহাতত পায়।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment