শেষ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

শেষ কবিতা


 শেষ কবিতা


                          মাধুৰ্য তৰুণ দাস

                                      মাজুলী


এয়া কি স্বপ্নভংগতাৰ এখন পৃথিৱী কঢ়িয়াই ফুৰিছো

চকুৰে মনালৈকে ঢেৰ মানুহ দেখিছোঁ

মৰা মানুহ,

এইমাত্ৰ তুমি বাকি দিয়া একাপ বিহ পি খালোঁ

ময়ো মৰিব খুজিছোঁ এইমাত্ৰ

অথচ মই আগৰ পৰাই মৃত আছিলোঁ।


পাহৰি থাকিলোঁ

ক’ৰ পৰা লিখিছিলোঁ?


ই কি জীৱন আছিল মায়া!

উচুপি কান্দি আছিল ভগৱানৰ পাৱাৰ পইন্টত এখন ছবি

হাতত এবাতি আপং লৈ ময়ো উচুপিছো

পমুৱাৰ পগাগ দাৰ ঘৰত

চিঞৰি চিঞৰি ঐনিতম এটা গাব নোৱাৰাৰ শোকত।


কথাবোৰ ক’ব নোৱাৰাৰ ভয়তে

এই যে মন গ’লেই কবিতা এটা লিখিছোঁ

মন গ’লেই জ্বলাই দিছোঁ

ঠিক প্ৰেয়সীৰ শেষৰখন ফটোৰ দৰে

 তাৰপিছত...

মই নিজকে পাগল বুলি ভাৱিছো।


উলঙ্গ জকা এটাৰ দৰে পিতপিতাই ফুৰিছো

বজাৰৰ ভিৰত বিশ্বাসঘাতকতাৰ দুটা চৰ খাইছো

ককাৰ হাড় কেইডাল এইমাত্ৰ বিচাৰি পালোঁ,

বৌতিৰ চচমাযোৰ!


জীউটো যাওঁ যাওঁ হোৱাতহে দেখিলো

তুমি ৰৈ আছা হাত সাৱটি

চব্বিশৰ জুলাই মাহৰ কোনোবা এটা পুৱাৰ দৰে।

এয়া মোৰ আত্মাটো দিছোঁ তোমাক

তাক  ভালকৈ ৰাখিবা, 

অলপো মন নাছিল মোৰ আত্মা হ’বলৈ

অলপো মন নাছিল হেচি-ঠেলি স্মৃতি হ’বলৈ

তোমাৰ...


যোৱা দহোটা মাহত খৰাং হৈ পৰিল কবিতা

লিখো লিখোকৈ মৰি আহিল মোৰ আত্মাৰ আটাইবোৰ হুমুনিয়াহ

মোৰ ছালখন আছিল একোজনী বেশ্যা

মোৰ ঘামবোৰ আছিল একোটা অবাঞ্চিত সন্তান

তেজৰ বিনিময় নাছিল বাবেই মই মৃত।


অথচ... ইয়াৰ পিছতো

আমি ভৱাৰ দৰে

প্ৰেমত জীয়াই থাকিব পাৰিছিল কোন? 

ৰাধা?

কৃষ্ণ?

আনকি শিৱও মোৰ বাবে মৃত আছিল প্ৰেমত।

শিৱ সত্য আছিল।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages