আহিনৰ বাঁহী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

আহিনৰ বাঁহী

 

আহিনৰ বাঁহী


                          মনালিছা শইকীয়া

                                   বোকাখাত


সেউজীয়া পথাৰ খনত

আহিনে বজালে লাহিকৈ বাঁহী

পদূলিত সৰিল শেৱালিৰ পাহি


লহৰে চাপৰিৰ টঙি ঘৰত

ৰৈ ৰৈ বাজিছে যুৰীয়া পেঁপা

ৰিব ৰিব বতাহত উপঙি আছে 

শিমলু তলৰ গৰখীয়া সবাহ এটাৰ

গাখৰতী ধান যেন মৌ সুগন্ধি মাত এটা


ভটিয়াই যোৱা মেঘৰ বুকুত

বাৰিষাৰ অলেখ ৰাগ-বিৰাগ 


আমাৰ শূন্য দুহাতত 

সন্তৰ্পনে আজিও উলমি আছে 

তাৰেই কিছু অপৈণত ক্ষণভংগুৰতা...


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages