নিষিদ্ধ ঈশ্বৰ
অবিনাশ বাস্তৱ
ঈশ্বৰৰ চহৰত আজি কাৰ্ফিউ।
মোৰ চহৰতো তলাবন্ধ দি,
ঈশ্বৰৰ নিষিদ্ধ ঘোষণা।
প্ৰেম বিহ্বল পুৰুষ এজনে,
নাৰী এজনী হৈ –
নিষিদ্ধতাৰ চহৰত প্ৰেমৰ কথকতা কৰিলে।
চহৰখনৰ আশে-পাশে
“তোমাক খুব ভাল পাওঁ” বুলি কোৱা অজস্ৰ মানুহ।
"As you like it" অথবা “মন বেয়া”
বুলি ক'ব পৰাকৈ মানুহৰ অভাৱ।
পাদ-পথত শুই থাকে এখন জৰাজীৰ্ণ জগত।
লাইট পষ্ট'ত ওলমি ৰয়
অজস্ৰ ৰঙা শাৰী।
বুটলি আনি গ্যানিমিডৰ শাৰীখন জিউসক দিলোঁ।
জিউসে, প্ৰাচীন দেৱালত ওলমি থকা কলিজাটো
চিঙি আনি,
বাকচত ভৰাই থলে।
ঘনঘোৰ আন্ধাৰত,
বাকচ ফালি ওলাই আহে –-
ঈশ্বৰৰ স'তে জিউস আৰু গ্যানিমিডৰ
ঢ়েকীৰ গছকত কঁকাল ভঙা এৰাতি।
এপিয়লা মদিৰাৰ ৰাগিত,
ধৰ্মহীন শুক্ৰানুৰ আলিঙ্গন।
দুজুৰি সুকোমল ওঁঠৰ চুম্বন।
এনেস্থেচিয়াযুক্ত সত্য এটা পিন্ধি লৈ
এজাৰফুলিয়া বাটেৰে ঈশ্বৰৰ পদযাত্রা।
সত্যটো খুলি বাকচত ভৰাই থোৱাৰ বাদে বিকল্প নাই।
কাৰণ –-
এই চহৰত ঈশ্বৰৰ নিষিদ্ধ ঘোষণা।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment