মই মোক শিকাইছোঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

মই মোক শিকাইছোঁ

 


মই মোক শিকাইছোঁ


                                                ববী দত্ত

                                                  টীয়ক


মই মোক শিকাইছোঁ  জীৱন জীয়াবলৈ

মই মোক শিকাইছোঁ শিলৰ দৰে কঠোৰ

মাটিৰ দৰে পলসুৱা

ফুলৰ দৰে কোমল

শিশুৰ দৰে নিষ্পাপ আৰু আইৰ দৰে স্নেহময়ী  হ’বলৈ।


মই হাউলি পৰাৰ পৰা পোন হ’বলৈ শিকিছোঁ

মই জয় পৰি যোৱাৰ পৰা সজীৱ হ’বলৈ শিকিছোঁ

মই শিকিছোঁ দুখবোৰ চোৱাই চোৱাই হজম কৰিবলৈ

সুখবোৰ চকুমুদি চৌপাশে চতিয়াবলৈ

কান্দোনবোৰ পানীৰে মচি নিকা কৰিবলৈ আৰু

হাঁহিবোৰ ওঁঠেৰে ফুঁৱাই ফুলাবলৈ।


প্ৰতাৰিত সময়বোৰ,

প্ৰতাৰক মানুহবোৰ, প্ৰৰোচিত কামবোৰ চিনিবলৈ শিকিছোঁ মই।


নিজকে ডাঙৰ বুলি ভবা মানুহবোৰৰ সৰু মনটো 

মই চিনিছোঁ

নিজকে সৰু বুলি ভবা মানুহৰ ডাঙৰ মনটো 

মই দেখিছোঁ।

নিজকে প্ৰতিষ্ঠাৰ পাছে পাছে দৌৰা মানুহবোৰৰ ফোঁপনিৰ শব্দ মই শুনিবলৈ পাইছোঁ।


সহায়ৰ এটা আঙুলি বিচাৰোঁতে হাতখন আগবঢ়াই দিয়া মানুহৰ মহানতা আৰু সৰলতাৰ মুখখন মই দেখিছোঁ।

দেখিছোঁ মমতাৰে ভৰি থকা চকুবোৰৰ জিলিঙনি আৰু হৃদয়ৰ শুভ্ৰতা।


কৌশলী মানুহৰ মনবোৰ চিনিছোঁ

সৰল মানুহৰ হৃদয়খন চুইছোঁ,

বিশ্বাসঘাটকৰ প্ৰহাৰবোৰ সহ্য কৰিবলৈ শিকিছোঁ।


মই শিকিছোঁ আন্ধাৰৰ মানুহৰ উচ্চতা আৰু পোহৰৰ সমগ্ৰতাৰ জোখ লবলৈ।

মই শিকিছোঁ ধূমায়িত সময়ৰ জটিলতা আৰু চোৰোকানিত বাস কৰাৰ মিঠা আমেজ।


মই দেখিছোঁ “পৃথিৱী সাত ফাল কৰা” মানুহে পৃথিৱীখনৰ এফালো আঁকিব নজনাৰ অযোগ্যতা


মই চিনিছোঁ পথিকৃতৰ খোজ আৰু পথালি চকুৱাৰ দৃষ্টি

মই চিনিছোঁ সহজলভ্য দ্ৰব্য

আৰু পানীয় সৃষ্টি

প্ৰেৰক আৰু প্ৰাপকৰ সংজ্ঞা মই বাৰুকৈয়ে জানিছোঁ।


মই মোক শিকাইছোঁ জটিল শিল্পৰূপ মৃত্যুক 

সহজভাৱে ল’বলৈ

মই মোক শিকাইছোঁ শিকাবলগীয়া আৰু নিশিকাবলগীয়া আদ্যোপান্ত বিবৰি।

মই মোক শিকাইছোঁ প্ৰসুপ্ত হৈ উজাগৰে থকাৰ 

চিনাকি কৌশল।


মই মোৰ সন্মানীয় শিক্ষক

মোৰ মই মৰমৰ শিকাৰু


মই মোক জীৱনৰ আদ্যোপান্ত বিবৰি শিকাইছোঁ

আৰু শিকি আছোঁ।


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages