তুমি মুক্ত কাঞ্চনজঙ্ঘা
ড° দেৱীনা পামেগাম পেগু
(হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত)
ব্ৰহ্মপুত্ৰৰ দৰে বহ্নিমান
তুমি অসম ভূমিৰ স্বাভিমান
নদীৰ বুকুতে শয়ন
নদীৰ বুকুতে চয়ন
পৃথিৱীৰ ক’তো বিচাৰি নাপাম
তোমাৰ চিনাকি গায়ন...
বিদায় ঈশ্বৰ পুত্ৰ
আজি তুমি মুক্ত
জলত বিসৰ্জন তোমাৰ সৰ্বত্ৰ
সূচনা হওঁক নতুন দিগন্ত...
তুমি মুক্ত কাঞ্চনজঙ্ঘা
তোমাৰ ইচ্ছাক নকৰোঁ আমি উলংঘা
তুমি যোৱাগৈ
বিলীন হোৱাগৈ
আবেলিৰ বেলিৰ হেঙুল হাইতাল সানি
নিৰাকাৰ ব্ৰহ্মপুত্ৰক প্ৰিয় নদী মানি
আত্মাৰ বান্ধোন খুলি
হিংসাৰ দাবানল পাহৰি
পৰমাত্মাৰ বাট বুটলি
সত্য শিৱ সুন্দৰক লোৱাগৈ আঁকোৱালি…
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫


No comments:
Post a Comment