কাজল-কথা
মেঘালী গগৈ
সিদিনা তুমি কৈছিলা
মোৰ কাজলখিনি কেতিয়াবা হেনো
হৈ উঠে এটা কবিতা
তোমাৰ হেনো এনে লাগে
যেন
দুচকুত মই পাৰ বান্ধি ৰাখিছো
সাগৰনীলা অতল গভীৰতা
অথবা
বৃষ্টিছাঁয়া অৰণ্যৰ নিৰ্জনতা
তুমি আৰু কৈছিলা
এনে লাগে যেন
মই কওঁ নকওঁকৈ থকা কথাবোৰত
কাজলখিনিয়ে আৰোপ কৰি পেলায়
এক সাৱধানী নিষিদ্ধতা
মই কওঁ, শুনা…
কাজল অঁকা চকুহালৰ সিপাৰে
আচলতে স্তব্ধ হৈ ৰৈ থাকে
এখন শুষ্ক নদী
যি নদী এদিন উচ্ছল আছিল
উদ্দাম জলধাৰা খলখলাই আছিল
তাত এতিয়া আছে
মাথো থমথম মৌনতা।
মোৰ চকুৰ কাজল
আচলতে এটা বান্ধ
এটা সুনিৰ্মিত কঠিন বান্ধ।
য’ত আঁউজি থাকে
ব্যাখ্যাবিহীন বিষণ্ণতা।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫
.jpg)

No comments:
Post a Comment