সুধাকন্ঠ অসম সন্তান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

সুধাকন্ঠ অসম সন্তান

 

সুধাকন্ঠ অসম সন্তান 


                                              টোলন তছা

                              চিকনি বৰহোলা, নগাঁও 


(প্ৰয়াত ড° ভূপেন হাজৰিকাৰ স্মৃতিত)


হে সুধাকন্ঠ

হে ভাৰত ৰত্ন

হে চিৰ গৌৰৱ অসম সন্তান

তোমাৰ অমূল্য সৃষ্টিৰে

ৰাখিলা তুমি বিশ্বব্যাপী

দেশ আৰু জাতিৰ মান

তুমি সদায়েই মহান

তুমি সদায়েই মহান

তুমিয়ে সোণৰ অসমৰ আচল সন্তান

তোমাৰ গানত আছে

মানৱতাৰ প্ৰাণ

আছে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সোপান

এতিয়াও ৰিনিকি ৰিনিকি বাজে

লুইতৰ দুয়ো পাৰে

উজনিৰ পৰা নামনিলে

তোমাৰ গীত আৰু সুৰৰ ঝংকাৰ

তুমিয়ে অসমৰ অমূল্য অলংকাৰ

হে অসম সন্তান

তোমাৰ ব্যক্তিত্বই মহান

তুমিয়ে অসম আৰু অসমীয়াৰ স্বাভিমান

জনমে জনমে হওক তোমাৰ জয়গান

তোমাৰ চৰণত শত সহস্ৰ প্ৰণাম

তোমাৰ চৰণত কোটি কোটি প্ৰণাম।


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages