জুবিন নামেৰে তোমাৰ পৰিচয়
ইৰা দেৱী
গাৱৈয়া (কাৱৈমাৰী), তেজপুৰ
গানৰ শব্দই জগত জিনিলা
সুৰীয়া কণ্ঠই সকলোৰে হৃদয়ত সোমালা,
তোমাৰ উদাৰ মনেৰে অসমীয়াৰ মনত
ৰক্তৰ দৰে বিয়পি পৰিলা।
সকলোৰে মাজত থাকি মৰম বিলোৱা
মানৱ ৰূপী ভগৱান তুমি প্ৰকৃতি ভালপোৱা।
ধুমুহাৰ সৈতে খেলি খেলি গুচি গ’লা তুমি
অজান দেশলৈ,
তুমি কোৱাৰ দৰে সাগৰ তলিতে শুই বিলীন হ’লা
চিৰদিনৰ বাবে।
চকুৰ পানীৰে শেষ বিদায় দিলে তোমাৰ অজস্ৰ অনুৰাগীয়ে
“জয় জুবিন দা” ধ্বনিৰে।।
অসমীয়াৰ চকুত এতিয়া টোপনি নাই
তোমাৰ ন্যায় বিচাৰি,
তুমি গোৱাৰ দৰেই তুমি যেন পপীয়া তৰা।।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment