জুবিন দা তুমি নাই বাবে
ডিম্বেশ্বৰ পাদি
গোগামুখ
জুবিন দা তুমি নাই বাবে
পৃথিৱী আজি
অন্ধকাৰ,
নিৰৱ-নিস্তব্ধ-নিমাত।
সহস্ৰ অনুৰাগীয়ে
তোমাক বিচাৰি
ইনাই-বিনাইছে
চকুলোঁ টুকিছে
মনৰ যন্ত্ৰণাত।
গছে বনে বিনাইছে
তোমাৰ মায়াবিনি গানেৰে
বতাহেও নানাচে আজি
তুমি নাই বাবে।
চৰাইবোৰেও চোন গীত
নাগায় আজি
তুমি নাই বাবে।
সহস্ৰ অনুৰাগী
আজি নিদ্ৰাহীন
ম্ৰিয়মান
জুবিন দা তুমি নাই বাবে।
আজি তোমােৰে গান
মানুহৰ হিয়াত
তোমাৰে ছবি
মানুহৰ বুকুত
জুবিন দা তুমি নাই বাবে।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment