জুবিনদা
উদয় শংকৰ বৰা
নগাঁও
দাদা, তই গলিগৈ
তোৰ অবিহনে সেই আকাশখনো উকা,
নদী খনো থমকি ৰৈছে,
প্রশ্ন কৰিছে, কোনে ৰচিব আমাৰ গান ?
আজি প্ৰকৃতিয়ে কান্দিছে,
গছ কাটিব নালাগে বুলি কবলৈ তইযে নাই!!!
জোনবাইৰ দেশলৈ তই গুচি গলি।
থৈ গলি তোৰ স্মৃতি বিলাক।
সাগৰ তলিত শুবলে মন বুলি কৈ
সঁচাই শুই পৰিলি।
সাগৰৰ ব্যক্তিত্ব জানো
তোৰ সমান গভীৰ হব পাৰিব ?
দাদা, তোৰ ভাগৰ লাগিছে চাগে,
তই জিৰণি ল!!
তোৰ সৃষ্টি সদায় অমৰ হৈ ৰব,
আৰু অমৰ হৈ ৰবি তই।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment