শূন্য হৃদয়ৰ প্ৰতিধ্বনি
শেৱালী বড়া
ছিপাঝাৰ দৰং
স্তুব্ধ আকাশ, স্তব্ধ বতাহ
বাকৰুদ্ধ কণ্ঠস্বৰ, স্বাসৰুদ্ধ হৃদয়ৰ স্পন্দন
বিৰহ বেদনাত শত মৌন সমদল
তোমাৰ অনুপস্থিতিত হৈছে নিঠৰ
চকুলোৰ বন্যা বোৱাইছে সহস্ৰ জনতাই
আপদীয় ফেঁচাটোৱে বিষাদৰ ঢোল
বজাইছে ঘৰৰ মূধচত
তমসা ৰাৰিবোৰে ৰাউচি জুৰিছে
উকা উকা আজি আহিনৰ পদূলি
সাৰদীয় শৰতৰ নাই শুভ্ৰতাৰ আচ্ছাদন
সুৱাসবিহীন পদূলিবোৰে উচুপিছে
গধূলি গোপালে পদূলিত বিনাইছে
শেৱালীৰ সুঘ্ৰাণত মাদকতা হেৰাইছে
জোনাকীৰ কাৰেংঘৰত বিষাদৰ বীণ বাজিছে
শৰতৰ শাৰদীয় উত্তাল নিশাবোৰ নিজম,
নিতাল, নিস্তব্ধ, মৌনতাত আশ্বস্ত
আকাশত কলীয়া মেঘেৰ ছাঁত ডাৱৰৰ
লুকাভাকু,নামি আহিব বিষাদযুক্ত বৃষ্টি
পথৰ দাঁতিত আবাল,বৃদ্ধ,বনিতাৰ
শেঁতা পৰা চকুত বিৰহৰ চকুপানী
আকুণ্ঠিত প্ৰানবোৰে ৰৈ ৰৈ বিনাইছে
তোমাৰ সমাধিত নাহৰৰ শুষ্ক বিননি
ধূসৰ ছাঁই ধুই গ’ল অসমৰ চাৰিবেৰ
মায়াৱিনী ৰাতিৰ সত্তা যে নোহোৱা হ'ল
আৰ্তজনৰ হৃদয়ৰ মণি, হিয়াৰ আমঠু
অনাআকাংক্ষিত ভাৱে হঠাৎ
আমাক নিঠৰুৱা কৰি এৰি গুছি গ’ল
মনবোৰ ভাৰাক্ৰান্ত, শংকিত
আবেগবোৰ শব্দহীন, নিৰ্বাক।

No comments:
Post a Comment