প্ৰকৃতিৰ এটা নিয়মেৰে
মিত্ৰৰঞ্জন টাইদ
লক্ষীমপুৰ
প্ৰকৃতিয়ে অতি চেনেহেৰে যোৰা দিয়া নাম
আমি ৰঙেৰে গাইছোঁ
প্ৰকৃতিয়ে চাঁছি কাটি উলিওৱা বাট
আমি নিৰাপদে অহা যোৱা কৰিছোঁ
প্ৰকৃতিয়ে সাদৰেৰে সিজাই দিয়া ভাত সাজ
আমি হেপাহ পলোৱাই খাইছোঁ
প্ৰকৃতিয়ে আগ্ৰহেৰে আগবঢ়াই দিয়া পানী বাতি
আমি তৃষ্ণা পলোৱাই পান কৰিছোঁ
প্ৰকৃতিৰ নীতি মিশ্ৰিত ভাষাৰে
আমি কথা পাতিছোঁ
প্ৰকৃতিৰ ঋতুৱে পাতি দিয়া
উৎসৱ পাৰ্বন
আমি ৰঙেৰে উৎযাপন কৰিছোঁ
প্ৰকৃতিয়ে দান দিয়া
প্ৰকৃতিয়ে উপহাৰ দিয়া
প্ৰকৃতিৰ পৰা পোৱা
সকলো দয়া মৰম-চেনেহেৰে
আমি জী আছোঁ।
শেষত
আমি প্ৰকৃতিৰ শিক্ষাৰে
শিক্ষিত নহ’লোঁ
এই কাৰনে দুৰ্ভিবহ জীৱন জীয়াই আছোঁ।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment