সোণালী পথাৰ
বন্তি গোস্বামী
কাতিৰ শেষত
আঘোণৰ আগমন
সোণালী ধানেৰে
পথাৰ নদন বদন।
দাৱনীযে হাতত
কাঁচি লৈ
কঁকালত টঙালি বান্ধি
উলাহেৰে আগুৱাই
ৰʼ লাগি চাইছে
পথাৰৰ মাজলৈ।
ক’ত হাঁহিৰ খিল খিল নি
লগতে ৰবাব টেঙাৰ জুতি
কাৰোৰে নাইয়ে আহৰি
মনৰ মণিকোঠাত উৎকন্ঠাৰে
ভৰি আছে
কেনেদৰে ঘৰলৈ
আদৰিব
পথাৰৰ লক্ষীমী জনী।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment