শিৰোনামহীনতা
মুকেশ সিংহা
ৰজাগাঁও, মৰিগাঁও
চকুৰ প্ৰাঞ্জলতা গিলি
ওঁঠৰ সুহুৰিটো ফালি
নিজৰেই এন্ধাৰে
মেৰিয়াই ধৰিছে নেকি
ৰাতিটোক
কোনোবা দেওলগা গছৰ
ভগা ডালত ফুলা কাঠফুলাৰ দৰে
গজালি মেলে স্বপ্নহীনতাৰ দুঃস্বপ্ন
আবেলিৰ চকীত বহি থকা
দুটি কপৌৰ চকুৰ কোণত জমা হোৱা
সপোনটো চাই চাই —
ৰাতিৰ দুপৰত
তেজত ডুব যোৱা
তৰাৰ পাখি চিঙা
জিলিকনি এটাই ধৰফৰায়….
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment