আইৰ আৱেগত জুবিন
ধৰণী চেতিয়া
চিলাপথাৰ, ধেমাজি
আয়ে এদিন চোতালত বহি ক’লে,
সুৰ সম্ৰাট অমৃত কণ্ঠ জুবিনৰ কথা
সেইদিনা মই নীৰৱে-নিতালে শুনিলোঁ
আইৰ কথা।
আয়ে কৈছিল
জুবিনৰ গীত শুনি
সেউজীয়াবোৰে
উশাহ লয়
গছবোৰে কথা কয়
চৰাইবোৰে গান গায় আৰু
শিলবোৰ পমি যায়।
আৰু আয়ে কৈছিল
জুবিনে গান নাগালে
গছবোৰে নক’ব কথা
চৰায়ে নাগাব গান
শিলবোৰে নাহাঁহিব।
জুবিনে গান নাগালে
নৈয়ে নকৰিব কুলু কুলু
মহাবাহু ব্ৰহ্মপুত্ৰ
ৰৈ যাব একে থিৰে অলৰ-অচৰ হৈ
প্ৰকৃতিও নিমাতে-নিতালে নিমাও-মাও হৈ পৰিব।
জুবিনৰ গীত নুশুনিলে
কুকুৰে নুভুকিব
কাউৰীয়ে নকৰিব কা কা
জুবিনে গান নাগালে
কুলি, কেতেকীয়ে বহাগৰ বাতৰি নিদিব
নাহিব বসন্ত
নাগাব এটি বিহগেও গান
গোমা হৈ থাকিব আকাশ
উদ্বিগ্ন হৈ থাকিব সময়
স্তব্দ হৈ থাকিব বতাহ।
আৰু সিদিনা হঠাতে অহা
ধুমুহাজাকে বহু কথাই কৈ গ’ল
আইৰ দুটি নয়নত
চকুলোৰ ঢল দেখি বুজিলো
আয়ে কিয় গছক ঈশ্বৰ মানিছে….
শিলক ঈশ্বৰ মানিছে কিয়
জননীয়ে শোকত ম্ৰিয়মান হৈছে
শদিয়াৰ পৰা ধুবুৰীলৈ পাগলৰ দৰে
উদ্বাউল হৈছে মানুহ
কিজানি আহেইবা ঘূৰি হামিং কিং নতুবা প্ৰাণৰ হাৰ্টথ্ৰব।
সিদিনা দেখিলোঁ
আয়ে প্ৰচণ্ড ক্ষোভত
আগ্নেয়গিৰি লেলিহান শিখাৰ দৰে
চহৰখন চলাথ কৰা
আৰু দেখিলোঁ পুত্ৰহন্তাৰ নামত
মা কালিৰ দৰে ৰণচণ্ডী হোৱা
তেওঁ দূৰৰ পৰাই কাণ পাতে
চহৰৰ মঞ্চবোৰত
গাঁৱৰ মঞ্চবোৰত শুনেইবা হামিং কিংৰ জনপ্ৰিয় শ্লোগান
আৰু সিদিনা দেখিলোঁ
মাজনিশা সাৰ পাই
মোৰ আইৰ সমস্ত আৱেগ জৰ্জৰিত হিল্লোলিত হৃদয়খন....
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment