ভঙা সপোন
পলী দলে
যোৰহাট
আহিবা এদিন জোনাক ৰাতি
চাই যাবাহি মোৰ
উৰুঙা পজাটি,
শুনি যাবাহি মোৰ
ভঙা সপোনৰ কাহিনী।
মোৰ এই উৰুঙা পজাটিৰ
চাৰিওফালে কেৱল আন্ধাৰ
আৰু আন্ধাৰ,
এই আন্ধাৰৰ মাজতেই হেৰাই গ’ল
মোৰ সপোন ভৰা আশাবোৰ।
পাৰিলে জোনাক হৈ আহিবাছোন !
মোৰ এই আন্ধাৰ ভৰা পৃথিৱীখন
অলপ পোহৰাই দিবাহি,
মোৰ সপোন ভৰা আশাৰ বাটটো
দেখুৱাই দিবাহি।
আহিবা এদিন….।।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment