কথা-মালিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

কথা-মালিতা

 

কথা-মালিতা


                      পলাশ শৰ্মা 


টিপ চাকিৰ পোহৰত 

কথা-মালিতাৰ শব্দবোৰ 

যেতিয়া নৈ হৈ বাগৰি আছিল 

মানুহবোৰ সুখী আছিল 

শনিবৰীয়া শিশুহঁতৰ গিৰিপনিত 

পথৰুৱা বাটবোৰ 

শিল্পীৰ লেণ্ডস্কেপ হৈ ধৰা দিছিল 

ড’ন-ফগেলমেনৰ “লাষ্ট-ভেগাচ”ৰ দৰে 

মগজুত অনুৰণিত হৈছিল হাঁহিবোৰ 

মানুহবোৰ সুখী আছিল 

নৈ খন লাহে লাহে গাভৰু হৈছিল 

সভ্যতাৰ আঁচোৰত প্ৰলোভিত মানুহবোৰে 

এদিন তাত এখন চহৰ সাজিলে 

পলসে সামৰি থ'লে নদীক 

এতিয়া তাত এখন বৌদ্ধিক বিলাসৰ ক্লান্ত চহৰ 

যিয়ে জুখিব নোৱাৰে নদীৰ গভীৰতা 

অথবা 

কথা-মালিতাৰ কথকতা।।

__________________


লাষ্ট ভেগাচ (২০১৩) এখন কমেডি ছবি।

পৰিচালনা - ড’ন-ফগেলমেন 

কাহিনী -  ড’ন-ফগেলমেন ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages