বসন্তৰ প্ৰথম বৰষুণজাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

বসন্তৰ প্ৰথম বৰষুণজাক

 

বসন্তৰ প্ৰথম বৰষুণজাক

                                              ৰুণু দেৱী শৰ্মা


আলি আয়ে লৃগাঙত 

বসন্তৰো নৱ-যৌৱন যেন 

মন-প্ৰাণ ডুলি যোৱা এক

উত্তাল নৃত্যৰ লয়লাস

উপভোগ কৰিলোঁ ফাগুনৰ 

প্ৰথম বৰষুণজাক,

ফাগুনৰ প্ৰথম বৰষুণজাকত তিতিলো মন গৈছিল বহুত 

বৰষুণজাকত তিতিবলৈ

এক উদ্দাল নৃত্য উপভোগ কৰিলোঁ, ফাগুনীৰ প্ৰথম প্ৰেমৰ

নিবেদন,

অনুভৱ কৰিলোঁ যৌৱন বসন্তৰ

মহাপয়োভৰ,

ফাগুনৰ প্ৰথম বৰষুণজাকত তিতিলো স্মৃতিৰ সি পাৰৰ পৰা

প্ৰথম বৰষুণজাক,

হেঁপাহৰ বৰষুণজাক,

বলিয়া ফাগুনীৰ উতলা যৌৱন 

পুৰি ছাই হোৱা বসন্তৰ উৎসৱ

ইকাটি -সিকাটি কৰি উপভোগ কৰিলোঁ সেই প্ৰথম বৰষুণজাক 

ফাগুনৰ প্ৰথম বৰষুণজাক

হেৰাই যাব ধৰা বৰষুণজাক।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


       

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages