গজল
সাগৰ
বতাহজাকক মোৰ বতৰা এতিয়া সুধিছা
পানী উঠিল চিতাৰ আঙঠা এতিয়া সুধিছা
নোৱাৰে দিব যেতিয়া আকাশেও তোমাক
পৃথিৱীক তুমি মোৰ ঠিকনা এতিয়া সুধিছা
পানী এটোপালে কচুপাতক কিবা কৈছিল
কিয়েইবা আছিল সি কথা এতিয়া সুধিছা
খুদ কবিতাই লিখিব ধৰিছিল এই কবিক
কোন আছিল সেই কবিতা এতিয়া সুধিছা
বৰকৈ চাইছিল বিদায়বেলাত মুখলৈ তেওঁ
কিবা আছিল নেকি ক'বলগা এতিয়া সুধিছা
হৈ গ'ল বৰষুণৰ অপেক্ষাত মৰুভূ 'সাগৰ'
আছিলে নেকি কিবা তৃষ্ণা এতিয়া সুধিছা!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment