নৱবৰ্ষ
ৰফিকুল ইছলাম
ভোজখোৱা,তেজপুৰ
সংখ্যাৰ পৰিৱৰ্তন
পুৰণি বৰ্ষ গৈ
নৱবৰ্ষ ২০২৬ আৰম্ভ।
সময় নাথাকে ৰৈ
দিনটোৰ পূৱাৰ বেলিৰ সৈতে আৰম্ভ হোৱা
সন্ধিয়া বেলি পশ্চিমত ঘৰমূৱা হৈ
দিনটোৰ সমাপ্ত হয়।
সপ্তাহৰ আৰম্ভণিৰে
মাহৰ পিছত মাহ গৈ
এটা বৰ্ষ অতিক্ৰম হয়।
সৌ সিদিনা ২০২৫ বৰ্ষক
আদৰণি জনোৱাত
আকৌ আহিছে
নৱবৰ্ষ ২০২৬।
দিনবোৰ পাৰ হয়
অনুভৱ নহয় বৰ্ষ কিদৰে
অতিক্ৰম কৰে।
বৰ্ষ এটা যায় মানে
জীৱনৰ আয়ুস কমি যায়।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment