ভাৱৰ দোমোজাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

ভাৱৰ দোমোজাত

 

ভাৱৰ দোমোজাত


                             দীপ্তি মণি গোস্বামী

                             লালুক, লখিমপুৰ


বহুদিন ধৰি উকা হৈ পৰি ৰৈছে

বগা কাগজৰ উকা পৃষ্ঠাবোৰ....

স্থৱিৰ হৈছে!

মন নে সময়?

নে ভাৱনাৰে ভৰা ভাৱনাবোৰ ?

কাক সুধিম কাক কম

কোনে দিব এই সহজ অথচ

জটিল প্ৰশ্নৰ উত্তৰবোৰ ?

জীৱন নাটৰ আখৰাত

বিধ্বস্ত চৌপাশৰ সমীৰে

বিয়পাই নে সুগন্ধি সুবাস ?

যাৰ অনুভৱ অনুভূতিৰে জীউঠে

এডালি সুকোমল সুগন্ধি হাৰ!

সেই অলংকাৰে অলংকৃত হৈ

মসৃণ দলিছাত ভাৱৰ বুৰবুৰণি তুলিবলৈ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages