কাৰ্বিপাহাৰৰ ‘নামলি’জনী
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
আজি তাই ৰূপহী থেকেৰা নহয়
নাহৰপাতৰ ৰঙে নকৰে মন মতলীয়া
নাহৰফুলে নোশোভে তাইৰ কবৰী
জৰাজীৰ্ণ যাদৱ পায়েং
কিম্বা ৰবীন বেনাৰ্জী
শৰতৰ শীতকালত সৰি পৰা নিয়ৰফুল
শৰতৰ চুলিত অঙ্কুৰিত
শুকুলা কপাহৰ জোলা
তাইৰ হিমগিৰি ধূসৰ ৰূপটো
এজন দেৱদূততকৈ কম নহয়
যেন কাৰ্বিপাহাৰৰ 'নামলি’জনীহে
এনে ৰূপৰ আগত মই নতজানু
মোৰ সত্তাৰ প্ৰতিটো পৰমাণু সমৰ্পিত
এই ৰূপ শাৰীৰিক নহয়
প্ৰাকৃতিক প্ৰতিভা যেন দেৱানগিৰি পাহাৰ
পৰশনত তাই আদৰীলতা
তাই কুৎসিত নহয়
তাই মোৰ কৱিতা
তাই হাবি, সেউজ
কিন্তু তাত আজি নসৰে নিয়ৰফুল
কলিৰ প্ৰেমত নগলে শীত
আজি দূৰৰ পৰাই দেখা পাওঁ অতীত
যেন নীলা বৰষুণত গা ধুই থকা
কাৰ্বিপাহাৰৰ ‘নামলি’জনী…
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment