ৰাগি
ৰাতুল চেতিয়া ফুকন
সোণাৰি, চৰাইদেউ
মোৰ অলপ বেছিকৈ নিচা লাগিছিল
আপঙৰ নিচা
দিচাং মুখৰ চাংঘৰত এনিশা।
লুইতৰ ঢৌ হৈ
পৰ্দাৰ ফাঁকেৰে অহা
কাংকানৰ হাঁহিটোৱে
বুকুত খুন্দিয়াইছিল।
চপৰা চপৰে খহিছিল
বুকুৰ গৰা।
আপঙৰ ৰাগিত এনে লাগিছিল
যেন
চাঙৰ ফাকেৰে সৰি পৰিম
ডেকেৰুৱা গাহৰি পোৱলিবোৰৰ ওপৰত।
কাংকানৰ হাঁহি টো যেন
আপঙৰ ৰাগি,
মই মাতাল হ’লো
দিচাং মুখৰ চাংঘৰত এনিশা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment