ঈর্ষাতুৰ প্ৰকৃতি
মিনাৰুল আহমেদ
অভয়াপুৰী
বতাহ ভাল নাপাওঁ,
বতাহে যে তাইক স্পৰ্শ কৰে।
ৰ’দ ভাল নাপাওঁ,
তাইৰ কোমল দুগালত কিয় পৰে?
ফুল ভাল নাপাওঁ,
ফুলে তাইৰ হৃদয় আকৰ্ষণ কৰে।
গছ ভাল নাপাওঁ,
গছে তাইক ছাঁ আঁকি দিয়ে।
মাটি ভাল নাপাওঁ,
মাটিৰ ওপৰত তাই খোজ দিয়ে।
সময় ভাল নাপাওঁ,
তাই সমুখত থাকিলে থমকি নৰয়।
আকাশ ভাল নাপাওঁ,
আকাশে তাইক সন্তুষ্ট কৰে।
আৰু জোন একেবাৰে ভাল নাপাওঁ,
কিয়নো সৌন্দৰ্যতাত জোনেই তাইৰ মূখ্য প্ৰতিদ্বন্দ্বী।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment